চাপানালাত উদ্ধাৰ এটি দুষ্প্ৰাপ্য লাজুকী বান্দৰ

0
84

চাপানালাত উদ্ধাৰ হৈছে এটি দুষ্প্ৰাপ্য লাজুকী বান্দৰ। নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্তী চাপানালাৰ জীয়াজুৰি চাহ বাগিছাৰ ১নং লাইনত সমীপৰে পাহাৰৰ ডাঠ হাবিৰ পৰা উদ্ধাৰ হৈছে এই বান্দৰটো। এজাক কুকুৰে খেদি ফুৰা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰা লাজুকী বান্দৰটোৰ বিষয়ে খবৰ পোৱাৰ মাত্ৰকে ততাতৈয়াকৈ ঠাই খনত উপস্থিত হৈ দুষ্প্ৰাপ্য বন্যপ্ৰাণীটো উদ্ধাৰ কৰে চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰায়ে।

উদ্ধাৰ কৰাৰ সময়ত দুষ্প্ৰাপ্য প্ৰাণীটোৰ মুৰ আৰু আগ ঠেং আঘাতপ্ৰাপ্ত হৈ থকাৰ বাবে দুলু বৰায়ে নিজৰ ঘৰতে দুদিন ধৰি সুশ্ৰুষা তথা প্ৰাথমিক চিকিৎসা প্ৰদান কৰাত ক্ৰমশঃ সুস্থহৈ পৰে লাজুকী বান্দৰটো। যাৰ বাবে চাপানালা খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ কেইবাজনো বিষয়া-কৰ্মচাৰীৰ উপস্থিতত দুষ্প্ৰাপ্য লাজুকী বান্দৰটো মুকলি কৰি দিয়া নিকটৱৰ্ত্তী চোৱাং সংৰক্ষিত বনাঞ্চলত।

অতি উদ্বেগজনক কথা এইয়ে যে দীৰ্ঘদিন ধৰি কাৰ্বি পাহাৰৰ অভ্যন্তৰত চলি থকা ব্যাপক বন ধ্বংস যজ্ঞৰ বাবে খাদ্যৰ সন্ধানত তথা সুৰক্ষিত ঠাই বিচাৰি ভৈয়ামৰ দিশে দুষ্প্ৰাপ্য লাজুকী বান্দৰটোৰ দৰে বন্যপ্ৰাণী সমূহ ওলাই অহাৰ সন্দেহ প্ৰকাশ কৰিছে “মুখ্যমন্ত্ৰীৰ সামুহিক কৰ্ম বঁটা-২০১৯” প্ৰাপক প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰায়ে।

Photo Credit: @batssamhaque