30 C
Guwahati
Saturday, August 6, 2022
More

    বহিঃৰাজ্যত মালিকৰ যৌন নিৰ্যাতনৰ বলিৰ ফলত গৰ্ভৱতী হৈ ঘৰলৈ উভতি অহা কিশোৰীৰ মৃত্যু

    বহিঃৰাজ্যত মালিকৰ যৌন নিৰ্যাতনৰ বলিৰ ফলত গৰ্ভৱতী হৈ ঘৰলৈ উভতি অহা কিশোৰীৰ মৃত্যু। কাম দিয়াৰ প্ৰলোভনেৰে বহিঃৰাজ্যত নি বিক্ৰী কৰা হৈছিল কিশোৰীক।

    পাছে সেই কিশোৰী কিনোতা মালিকে পাছত যৌন নিৰ্যাতন চলাই কিশোৰীৰ ওপৰত। যৌন নিৰ্যাতনৰ বলি হৈ গৰ্ভৱতী হোৱাত লগতে অকথ্য নিৰ্যাতনৰ বলি হোৱাত কোনোমতে তাৰ পৰা পলাই গৈ আৰক্ষীৰ সহায়ত অসমৰ ঘৰলৈ উভতি আহে কিশোৰী।

    হাৰিয়ানাত বিক্ৰী কৰা হৈছিল কিশোৰী গৰাকী । কিছুদিন পূৰ্বে উপস্থিত হৈছিল ওদালগুৰি জিলাৰ ডিমাকুছি থানাৰ অন্তৰ্গত ধৰমজুলি চাহ বাগিছাত থকা ঘৰত।

    কিন্তু ঘৰত উপস্থিত হোৱাৰ কেইদিনমানৰ পাছতে কিশোৰীগৰাকীৰ মৃত্যু হোৱাক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে।

    ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, বিগত ৬ মাহ পূৰ্বে কিশোৰী গৰাকীক বৰঙ্গাজুলিৰ দুই লম্পটে কাম দিয়াৰ প্ৰলোভনেৰে ঝাৰখণ্ডলৈ নি হাৰিয়ানাৰ এগৰাকী ব্যক্তিৰ হাতত বিক্ৰী কৰি দিছিল।

    ঘটনা সন্দৰ্ভত অভিযুক্ত চুনু বাগ আৰু দেচী নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে ডিমাকুছি থানাত ইতিমধ্যে ৰুজু হৈ আছে এক গোচৰ ৷

    কিশোৰীগৰাকী বিক্ৰী কৰাৰ পাছতে মালিক পক্ষৰ দ্বাৰা যৌন নিৰ্যাতনৰ বলি হব লগীয়া হৈছিল যাৰ ফলত কিশোৰী অন্তঃসত্ত্বা হয়। শেষত মালিকৰ অত্যাচাৰত উপায়ন্তৰ হৈ কিশোৰী গৰাকীয়ে পলায়ন কৰি হাৰিয়ানাৰ এখন আৰক্ষী থানাত উপস্থিত হ’য়।

    হাৰিয়ানা আৰক্ষীৰ সহযোগত কিছুদিন পূৰ্বে ভূক্তভোগী কিশোৰী গৰাকী উপস্থিত হ’য় ডিমাকুছিৰ মাতৃগৃহত।মাতৃগৃহৰ পৰা ধৰমজুলি চাহ বাগিছাৰ আইতাকৰ ঘৰত আশ্ৰয় লয় কিশোৰী গৰাকীয়ে।

    আইতাকৰ ঘৰত থকা অৱস্থাতে কিশোৰী গৰাকীয়ে তীব্ৰ পেটৰ বিষত ভোগাত পৰিয়ালে বৰঙাজুলি চাহ বাগিছাৰ হাস্পতালত ভৰ্তি কৰাই যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় কিশোৰী গৰাকীৰ।

    পিছত পৰিয়ালৰ লোকে নিশাই কিশোৰী গৰাকীৰ মৃতদেহ সমাধিস্থ কৰে যদিও পাছত ঘটনা সন্দৰ্ভত ডিমাকুছি আৰক্ষী অৱগত হৈ দণ্ডাধীশৰ উপস্থিতিত আজি পুৱাই মৃতদেহ খান্দি উলিয়াই মৰণোনোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰিলৈ প্ৰেৰণ কৰে ৷

    ইফালে কিশোৰী গৰাকীক ফুচুলাই নি বিক্ৰী কৰা লম্পট চুনু আৰু দেচী নামৰ মহিলা গৰাকীক কঠোৰ শাস্তী বিহাৰ দাৱী তুলিছে আছাকে ধৰি বিভিন্ন দল সংগঠন আৰু সচেতন ৰাইজে ৷

    Input and Photo – Dipak Deka

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং