ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ অসম জাতীয় পৰিষদৰ নেতা আনজাৰ হুছেইন

0
300

ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ অসম জাতীয় পৰিষদৰ নেতা আনজাৰ হুছেইন

অসম জাতীয় পৰিষদৰ নেতা তথা জাতীয় যুৱ শক্তিৰ ৰাজ্যিক আহ্বায়ক মঃ আনজাৰ হুছেইনক ধৰ্ষণৰ গোচৰত সোনাপুৰ আৰক্ষীয়ে আটক কৰে।

বিগত বিধান সভা নিৰ্বাচনত অসম জাতীয় পৰিষদৰ হৈ ধিং সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ন হৈছিল আনজাৰ হুছেইন। সেই আনহজাৰ হুছেইনক নিশা সোনাপুৰ আৰক্ষীয়ে আটক কৰে ।

যোৱা নিশা বটদ্ৰৱাৰ হাতীযুজুৱাৰ নিজা বাসগৃহৰ পৰা জাজৰি আৰু জুৰীয়া আৰক্ষীৰ সহযোগত আটক কৰে ধৰ্ষণৰ অভিযুক্ত আনজাৰ হুছেইনক ।

উল্লেখ্য যে , আনজাৰ হুছেইনৰ বিৰুদ্ধে সোনাপুৰ থানাত ধৰ্ষণৰ অভিযোগ তুলি ভাৰতীয় দ্বন্দবিধি আইন (Sonapur P. S case No 141/22 U/s 417/376/379 IPC)ৰ আধাৰত গোচৰ ৰুজু কৰিছিল এগৰাকী যুৱতীয়ে।

অসম জাতীয় পৰিষদৰ নেতা আনজাৰ হুছেইনে বিগত সময়ছোৱাত বহু দুৰ্নীতি আৰু অনিয়ম কৰি অগাধ সম্পত্তিৰ গৰাকী হোৱাৰো অভিযোগ তুলিছে স্থানীয় ৰাইজে ।

ইয়াৰ উপৰিও অসম গ্ৰামীন বিকাশ বেংকৰ CSPৰ স্বত্বাধিকাৰী আনজাৰ হুছেইনে সংখ্যালঘূ ছাত্ৰ ছাত্ৰীৰ জলপানীৰ নামতো ভূৱা একাউণ্টৰ জৰিয়তে লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ দীৰ্ঘদিনৰ।

Input and Photo – Hemen Raja