খেল’ ইণ্ডিয়াত ভাৰোত্তলনত সোণৰ পদক অৰ্জন সুদিত্য বৰুৱাৰ

এটি অতি দুখীয়া পৰিয়ালৰ পৰা গৈ সুদিত্য বৰুৱাই লভা এই সফলতাত উৎফুল্লিত সকলো

0
32

খেল’ ইণ্ডিয়া ২০২০ত ভাৰোত্তলনত সোণৰ পদক অৰ্জন কৰি সমগ্ৰ অসমৰ লগতে শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ’ল সুদিত্য বৰুৱাই৷ আৰ্থিক দীনতাক নেওচি এটি অতি দুখীয়া পৰিয়ালৰ পৰা গৈ সুদিত্য বৰুৱাই খেল’ ইণ্ডিয়া ৮১ কেজি শাখাত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়৷

শিৱসাগৰ জিলাৰ বকতা নঙলামৰাৰ নিৱাসী ৰেখা বৰুৱা আৰু বিনয় বৰুৱাৰ সুযোগ্য সন্তান সুদিত্য বৰুৱাই ভাৰতীয় সেনাবাহিনীৰ চিকণ্ডৰবাদৰ AOCত প্ৰশিক্ষণ লৈ আছিল৷ প্ৰথম অৱস্থাত সুদিত্য বৰুৱাৰ আৰ্চাৰী খেলৰ প্ৰতি আগ্ৰহ আছিল যদিও অৰ্থৰ অভাৱত ভাৰোত্তলনৰ প্ৰশিক্ষণ লৈ প্ৰথমটো ইভেণ্টতে সোণৰ পদক অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়৷