পুৰণিগুদামৰ পৰা ট্ৰাইচাইকেল চলাই মক্কালৈ ৰাওনা হৈছে বিশেষ ভাৱে সক্ষম এজন লোক

নগাঁৱৰ পুৰণিগুদামৰ ঐতিহাসিক বৰমছজিদৰ পৰা যাত্ৰা আৰম্ভ কৰিছে নিজামুদ্দিনে

0
259

চেষ্টাৰ অসাধ্য একো নাই।এই কথাষাৰকেই প্ৰতিপন্ন কৰিব বিচাৰিছে নগাঁৱৰ পুৰণিগুদামৰ নিজামুদ্দিন নামৰ লোকজনে। বিশেষভাৱে সক্ষম নিজামুদ্দিন এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে সমগ্ৰ পুৰণিগুদামতে।কাৰণ ৬০ উৰ্ধ্বৰ এইগৰাকী ব্যক্তিয়ে ট্ৰাইচাইকেলেৰে আৰম্ভ কৰিছে ইছলাম ধৰ্মৰ পৱিত্ৰ স্থান মক্কা মদিনা দৰ্শনৰ বাবে।

নগাঁৱৰ পুৰণিগুদামৰ ঐতিহাসিক বৰমছজিদৰ পৰা যাত্ৰা আৰম্ভ কৰিছে নিজামুদ্দিনে। তেওঁৰ মতে উৰাজাহাজত গৈ হজযাত্ৰা কৰি একো লাভ নাই।আল্লাৰ দৰ্শন কৰিবলৈ অশেষ কষ্ট কৰি মক্কা মদিনালৈ যাব বিচাৰে নিজামুদ্দিন।আনহাতে মক্কা মদিনালৈ বহু দুৰ বুলি জানিও ট্ৰাইচাকেলেৰে যাত্ৰা আৰম্ভ কৰা নিজামুদ্দিনৰ লক্ষ্যস্থানত উপনীত হোৱাৰ বাবে প্ৰাৰ্থনা জনাইছে পুৰণিগুদামৰ ৰাইজে।

Photo: Time8