দূৰ্গোৎসৱৰ উলাহৰ মাজতে বকোত অঘটন, ৰাজপথতে জ্বলি উঠে এখন যাত্ৰীবাহী বাছ

0
455

দূৰ্গোৎসৱৰ উলাহৰ মাজতে বকোত অঘটন, ৰাজপথতে জ্বলি উঠে এখন যাত্ৰীবাহী বাছ। লগে লগে চাৰিওফালে হুৱাদুৱা লাগি যায়।

পূজাৰ ভিৰৰ মাজতে বকো চহৰত এই অঘটন সংঘটিত হয়। ৰাজপথত জ্বলিবলৈ লয় এখন যাত্ৰীবাহী বাছ।

কাৰিকৰী বিজুতিৰ বাবে সংঘটিত হয় এই ঘটনা। চালকৰ আসনৰ তলত জ্বলি উঠে জুই। হুৱাদুৱা লাগে চৌপাশে।

ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনীৰ বাহন। নিৰ্বাপিত কৰা হয় জুই।

AS25 FC 0448 নম্বৰৰ বাছখনত সংঘটিত হয় এই অঘটন। ঘটনাস্থলীত বকো আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।

জানিব পৰা অনুসৰি, গুৱাহাটীৰ পৰা ছমৰীয়া অভিমুখে গৈ আছিল বাছখন। ঘটনাৰ ফলত সকলো সুকলমে থাকে, কোনো হতাহতিৰ খবৰ নাই।

Input and Photo – Manimala Deka