26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    তেল চুৰি কৰি থকাৰ সময়তেই দপদপকৈ জ্বলিল টেংকাৰ

    তেল চুৰি কৰি থকাৰ সময়তেই দপদপকৈ জ্বলিল টেংকাৰ

    কাছাৰ জিলাৰ সোনাইৰ উত্তৰ কৃষ্ণপুৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে।

    নিজাম উদ্দিন নামৰ এজন লোকৰ ঘৰৰ চৌহদত দাউ দাউকৈ এখন তেলভৰ্তি টেংকাৰ জ্বলি উঠাৰ ফলত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় গোটেই অঞ্চলটোত।

    জানিব পৰা মতে টেংকাৰৰ পৰা তেল চুৰি কৰি থকাৰ সময়তে এই ভয়ংকৰ ঘটনাটো সংঘটিত হয়।

    জুই নিয়ন্ত্ৰণৰ বাবে অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো বাহন উপস্থিত হৈ বহু সময় চেষ্টা কৰাৰ পাছত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

    এটা পেট্ৰ’ল পাম্পৰ সম্মুখত সংঘটিত এই অগ্নিকাণ্ডৰ কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই। অগ্নিনিৰ্বাপক বাহিনীয়ে সময়মতে জুই নিয়ন্ত্ৰণ কৰাৰ বাবে গোটেই অঞ্চল এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিছে।

    অভিযোগ মতে নিজাম উদ্দিন নামৰ লোক জনৰ বাসগৃহত দীৰ্ঘদিনৰ পৰা তেলৰ অবৈধ ব্যৱসায় চলি আহিছিল। আৰু আজি এই তেলভৰ্তি টেংকাৰৰ পৰা তেল চুৰি কৰাৰ সময়তেই এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

    আৰু পঢ়ক : ভৱেশ কলিতাক পৰাস্ত কৰাৰ স্বাৰ্থত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ দেৱব্ৰত কলিতাৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং