মক্কাত মনে মনে প্ৰৱেশ কৰিলে এজন অ-মুছলমান লোক ! ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে ভিডিঅ’

0
29942

মক্কাত মনে মনে প্ৰৱেশ কৰিলে এজন অ-মুছলমান লোক ! ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে ভিডিঅ’

এজন ইজৰাইলী ইহুদী সাংবাদিকে পবিত্ৰ চহৰ মক্কাৰ পৰা প্ৰতিবেদন দিয়াক লৈ চৌদি আৰৱৰ চহৰখনত বিতৰ্কৰ সৃষ্টি হৈছে।

দৰাচলতে মক্কাত মুছলমান লোকৰ বাহিৰে বেলেগ ধৰ্মৰ লোকৰ প্ৰৱেশ নিষিদ্ধ। এনে পৰিস্থিতিত মক্কাত এজন অ-মুছলমানৰ আগমনক লৈ এক বিবাদৰ সৃষ্টি হৈছে।

ইজৰাইলৰ এটা চেনেলত সোমবাৰে মক্কাৰ পৰা এটা প্ৰতিবেদন সম্প্ৰচাৰ কৰিছিল। য’ত চেলেটোৰ সম্পাদক গিল তামাৰীয়ে এখন গাড়ীত মক্কা চহৰৰ গুৰুত্বপূৰ্ণ স্থানবোৰ ঘূৰি তাৰ বিষয়ে কথা পাতি আছে।

অনুষ্ঠানটোত তামাৰীয়ে বিখ্যাত মক্কা গেটৰ মাজেৰে পাৰ হৈ যোৱাও দেখিবলৈ পোৱা গৈছিল। আৰু সেই মক্কা গেটৰ ভিতৰত বেলেগ ধৰ্মৰ লোকৰ প্ৰৱেশ নিষিদ্ধ।

যদি কোনো অ-মুছলমান লোক তাত প্ৰৱেশ কৰে তেনেহলে তেওঁলোকে জৰিমনা ভৰিব লাগে । ইজৰাইলী সাংবাদিক জনৰ মক্কাত আগমনক লৈ সামাজিক মাধ্যমত ব্যাপকভাৱে সমালোচনা কৰা হৈছে।

সামাজিক মাধ্যমত তেওঁক বহুটো লোকে গালি পৰ্যন্ত পাৰিছিল । আৰু শেষত ইজৰাইলী সাংবাদিক গৰাকীয়ে সকলোৰে আগত ক্ষমা খুজিছিলে।

উল্লেখ্য যে এই ঘটনাটো এনে এটা সময়ত ঘটিছিল যেতিয়া জ’বাইডেন ৰাষ্ট্ৰপতি হিচাপে মধ্য প্ৰাচ্যৰ প্ৰথম ভ্ৰমণলৈ গৈছিল।