এখন ব্যতিক্ৰম বিবাহ ! বানত সৰ্বস্বান্ত পৰিয়াল, হাতত নাই ফুটা কড়ি, তথাপি মহাধুমধামেৰে সম্পন্ন বিবাহ

0
3881

এখন ব্যতিক্ৰম বিবাহ ! বানত সৰ্বস্বান্ত পৰিয়াল, হাতত নাই ফুটা কড়ি, তথাপি মহাধুমধামেৰে সম্পন্ন বিবাহ

মঙলদৈত এখন ব্যতিক্ৰম বিবাহ ।বানে বিধস্ত কৰা বিয়া ঘৰ খনত আজি উদুলি মুদুলি পৰিবেশ । ৰাজ্য়ৰ আন আন ঠাইৰ দৰে মঙলদৈৰ বৰথেকেৰাবাৰী গাঁও খনো বাৰিষাৰ বানে সৰ্বশ্ৰান্ত কৰিছিল ।

প্ৰলয়ংকাৰী বানৰ ফলত সকলো শেষ হৈ গৈছিল মঙলদৈৰ বৰথেকেৰাবাৰীৰ দিপান্বিতা বৰাৰ ঘৰ খনো । ইফালে পূৰ্বে নিৰ্ধাৰণ হৈ আছিল দিপান্বিতা বৰাৰ বিবাহৰ দিন ।

কিন্তু বানত সকলো শেষ হৈ যোৱাৰ পিছত বিয়াখন কিদৰে পাতিব তাকে ভাবি দিকবিদিক হেৰুৱাই পেলাইছিল দিপান্বিতাৰ পৰিয়ালে ।

কাৰণ ঘৰ এৰি আশ্ৰয় শিবিৰত আছিল পৰিয়ালটো। আশ্ৰয় শিবিৰত থাকি কিদৰে বিয়া খন অনুষ্ঠিত কৰিব তাক লৈ চিন্তিত হৈ পৰিছিল।

বলিয়া বানে সকলো শেষ কৰি দিয়াৰ পিছত দিপান্বিতাৰ পিতৃৰ হাতত নাছিল ধন। কিন্তু তেনে সময়তে দুৰ্ভগীয়া পৰিয়ালটোক সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিল মানৱ দৰদী সংগঠন ‘মানুহে মানুহৰ বাবে’।

কোনো দিনে কোনো সম্পৰ্ক নোহোৱা পৰিয়ালটোক সহায় কৰিবলৈ আগবাঢ়ি আহিল সংগঠনতোৰ সৈতে জড়িত সদস্য সকল ।

বিয়া খনৰ বাবে প্ৰয়োজনীয় আলমিৰা , ড্ৰেছিং আইনা , কাপোৰৰ পৰা গহনালৈ সকলো সামগ্ৰীৰে দায়িত্ব ললে ‘মানুহে মানুহৰ বাবে’নামৰ সংগঠনটোৰ সদস্য সকলে ।

ৰাইজ তথা মানৱদৰদী সংগঠনটোৰ এনে পদক্ষেপৰ বাবে এতিয়া সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে কইনা দিপান্বিতাৰ লগতে তেওঁৰ পৰিয়ালটোৱে ।


Input-Kishor kalita