চাঞ্চল্যকৰ ঘটনা! চিকিৎসালয়ত ভুৱা কাগজ দেখুৱাই মহিলাই চুৰ কৰিলে শিশু

0
79

চাঞ্চল্যকৰ ঘটনা! চিকিৎসালয়ত ভুৱা কাগজ দেখুৱাই মহিলাই চুৰ কৰিলে শিশু

দিনে দিনে বৃদ্ধি পাইছে শিশু চুৰিৰ ঘটনা। এইবাৰ চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউ ৰ পৰা চুৰি হ’ল এটা নৱজাতক। ঘটনাটো উৰিষ্যাৰ কটক জিলাৰ সংঘটিত হৈছে।

উৰিষ্যাৰ কটক জিলাৰ এছচিবি চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ পৰা এটা নৱজাতক চুৰি হয়। জানিব পৰা মতে পুৰী জিলাৰ এগৰাকী মহিলাক বৃহস্পতিবাৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

আৰু মহিলাগৰাকীয়ে দেওবাৰে যমজ কন্যা সন্তান জন্ম দিছিল। নৱজাতক দুটাৰ এজন জণ্ডিচত ভুগি থকা দেখা গৈছিল সেয়েহে তেওঁক চিকিৎসাৰ বাবে আইচিইউত ভৰ্তি কৰোৱা হৈছিল।

তাৰ পিছতে আন এগৰাকী মহিলাই ভুৱা কাগজ-পত্ৰ দেখুৱাই আইচিইউত ভৰ্তি হৈ থকা শিশুটোক চুৰি কৰি নিয়ে। কিন্তু নৱজাতকটো চুৰি হোৱাৰ দহ মিনিটপিছত যেতিয়া নাৰ্ছ গৰাকী আই চি ইউ লৈ যায় তেওঁ গৈ শিশুটোক
নেদেখি চিকিৎসালয়ৰ এলাৰ্মটো বজাই দিয়ে।

ঘটনাক লৈ চিকিৎসালয়খনে আৰক্ষীৰ থানাত লিখিত অভিযোগ দাখিল কৰিছিল । অৱশেষত আৰক্ষীয়ে তদন্ত কৰি শিশু চুৰ কৰা মহিলা গৰাকীৰ সৈতে এজন ব্যক্তিকো গ্ৰেপ্তাৰ কৰে।