কলগাছিয়াত ৰহস্যজনক ঘটনা, পত্নীয়ে উদ্ধাৰ কৰিলে স্বামীৰ ওলমি থকা মৃতদেহ

0
699

কলগাছিয়াত ৰহস্যজনক ঘটনা, পত্নীয়ে উদ্ধাৰ কৰিলে স্বামীৰ ওলমি থকা মৃতদেহ। কলগাছিয়াৰ বগুলামাৰী গাঁৱত ৰহস্যজনক বাবে চীপ লৈ থকা অৱস্থাত উদ্ধাৰ এগৰাকী পুৰুষৰ মৃতদেহ।

এইয়া হত্যা নে আত্মহত্যা সন্দেহ প্ৰকাশ কৰিছে গাঁও বাসীয়ে। পৰিয়ালৰ অভিযোগ পত্নীৰ পৰিয়ালৰ লোকে হত্যা কৰি ওলোমাই থৈছে মৃতদেহ।

মৃত লোকগৰাকীৰ নাম সাহাবুল শ্বেখ । সাহাবুল শ্বেখৰ ঘৰ গোৱালপাৰা জিলাৰ কালপানীত । বৰপেটা জিলাৰ কলগাছিয়া থানাৰ অন্তৰ্গত বগুলামাৰী গাঁৱৰ যুৱতীক বিয়া পাতিছিল সাহাবুলে।

আজি পুৱা বগুলামাৰীৰ শহুৰৰ ঘৰৰ পুখুৰীৰ পাৰত চীপ লৈ থকা অৱস্থাত মৃতদেহ প্ৰত্যক্ষ কৰাৰ লগে লগে হাহাকাৰ লাগি যায় সকলোফালে।

সাহাবুল শ্বেখৰ পত্নীৰ ভাষ্য অনুসৰি, আজিৰ পৰা ডেৰ বছৰ পূৰ্বে সামাজিক ৰীতি নীতিৰ মাজেৰে বিয়া হৈছিল দুয়োৰে। কিন্তু বিয়াৰ পিছৰে পৰাই কন্দল লাগি আছিল দুয়োৰে মাজত। যাৰ বাবে বিগত ৬ মাহ ধৰি মাতৃৰ গৃহত বাস কৰি আছিল পত্নীগৰাকী।

আনহাতে ঘটনা সন্দৰ্ভত কলগাছিয়া আৰক্ষীক খবৰ কৰাৰ পাছতে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। লগতে ঘচনাৰ তদন্ত আৰম্ভ কৰে।

অদ্য়পি এই ঘটনাৰ কাৰণ জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে সোধপোচ অব্যাহত ৰাখিছে, লগতে মৰণোত্তৰ পৰীক্ষাৰ পিছতহে ঘটনাৰ প্ৰকৃত কাৰণ বাহিৰ হ’ব বুলি জানিব দিয়ে আৰক্ষীয়ে।

Input and Photo – Jabed Ali