চাঞ্চল্যকৰ হত্যাকাণ্ড! কাঠৰ বাটামেৰে মৰিয়াই হত্যা এজনক, চিচি টিভিত ধৰা পৰিল সকলো

0
6301
চাঞ্চল্যকৰ হত্যাকাণ্ড! কাঠৰ বাটামেৰে মৰিয়াই হত্যা এজনক, চিচি টিভিত ধৰা

চাঞ্চল্যকৰ হত্যাকাণ্ড! কাঠৰ বাটামেৰে মৰিয়াই হত্যা এজনক, চিচি টিভিত ধৰা পৰিল সকলো। দীপাৱলীৰ আনন্দ উল্লাসৰ মাজতে নিশা গুৱাহাটী মহানগৰীৰ মালিগাঁৱত সংঘটিত হয় এই ভয়ংকৰ ঘটনা।

কাঠৰ বাটামেৰে মৰিয়াই মৰিয়াই হত্যা এজন লোকক। মৃত লোকজনৰ নাম তৰুণ ডেকা বুলি জানিব পৰা গৈছে।

তৰুণ ডেকা মালিগাঁও বজাৰৰ নিৰাপত্তাৰক্ষী আছিল বুলিও জানিব পৰা গৈছে।

তৰুণ ডেকাক এজন লোকে কাঠৰ বাটামেৰে মৰিয়াই মৰিয়াই হত্যা কৰা শিহৰণকাৰী দৃশ্য বন্দী সেই স্থানত থকা চিচি টিভি কেমেৰাত।

কেমেৰাত বন্দী হত্যাকাৰীৰ চেহেৰা লগতে হাতত কাঠৰ বাটাম লৈ থকা সকলো দৃশ্য। সেই দৃশ্যৰ প্ৰমাণৰ ভিত্তিতেই আৰক্ষীয়ে তদন্দ কৰিব।

বৰ্তমান ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। তদন্তৰ অন্ততহে জানিব পৰা যাব হত্যাকাৰী সন্দৰ্ভত।

আৰু পঢ়ক : পঞ্জাৱ কংগ্ৰেছত নতুন মোৰ; পদত্যাগ প্ৰত্যাহাৰ সিদ্ধুৰ