
নগাঁও জিলাৰ পুৰণিগুদামত ৰংদাইচুকত অলৌকিক ঘটনা। শিৱৰাত্ৰিৰ দিনাই উঁই হাফলুত আৱিৰ্ভাৱ সৰ্প আকৃতিৰ সৰ্পফণা। পুৰণিগুদাম ৰংদাইচুকত চুকৰ এঘৰ লোকৰ ঘৰত সংঘটিত হয় এই অলৌকিক ঘটনাটি। গৃহস্থই চোতালত থকা এটা উঁই হাফলু কালি ভাঙি পেলাইছিল।

আজি পুৱাৰ ভাগত সেই ভাঙি পেলোৱা উঁইহাফলুটোত প্ৰত্যক্ষ কৰে এটি সৰ্পৰ আকৃতি। লগে লগে ওচৰৰ চুবুৰীয়াক খবৰ দিয়ে গৃহস্থই। তাৰ পাছতে সেই স্থানত যথেষ্ঠ লোকৰ আগমন ঘটে। সকলোৱে ধূপ ধূনা চাকি বন্তি লৈ সেৱা আগবঢ়াই আবিৰ্ভাৱ হোৱা সৰ্পৰ আগত।
Photo Credit:@batssamhaque