29 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    মাইক্ৰ’ফাইনেঞ্চ সন্দৰ্ভত দুই এদিনৰ ভিতৰতে ৰাইজে পাব সুখবৰ : অশোক সিংহাল

    মাইক্ৰ’ফাইনেঞ্চ সন্দৰ্ভত দুই এদিনৰ ভিতৰতে ৰাইজে পাব সুখবৰ : অশোক সিংহাল

    মাইক্ৰ’ফাইনেন্সৰ লোন ৰেহাই কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অশোক সিংহালৰ নেতৃত্বত গঠন কৰা সমিতিয়ে আজি এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

    পুৱা ১১ বজাৰ পৰা জনতা ভৱনত মন্ত্ৰীৰ কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত উপস্থিত আছে মাইক্ৰ’ ফাইনেন্সৰ ষ্টেক হ’লডাৰ্চ, বেংকৰ প্ৰতিনিধি।

    ইয়াৰ পূৰ্বে ৩ বাৰকৈ ভিডিঅ’ কনফাৰেন্স যোগে এই জটিল বিষয়টোত আলোচনা হৈছিল যদিও কোনো সমাধান সূত্ৰ নোলোৱাত আজি সকলো প্ৰতিনিধিকে সাক্ষাৎ কৰে মন্ত্ৰী সিংহালে।

    মাইক্ৰ’ ফাইনেন্সৰ লোন, সুদ, মূলধন মিলাই ১২ হাজাৰ কোটি টকা হয় বুলি উল্লেখ কৰি দুই এদিনৰ ভিতৰতে ৰাইজে সুখবৰ পাব বুলি কয় মন্ত্ৰীগৰাকীয়ে।

    বৈঠক অন্ত হোৱাৰ পাছতহে সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

    আন এখ প্ৰসংগ উল্লেখ কৰি মন্ত্ৰী সিংহালে কয়, ‘এমাহতে ক’ব নোৱাৰি মই কি কৰিলো, কিন্তু বহু ডাঙৰ আঁচনিৰ কথা ভাবিছো। গুৱাহাটীত ডাম্পিং গ্ৰাউণ্ডৰ পৰা নলা নিষ্কাষণলৈকে বহু পৰিৱৰ্তন দেখিব’।

    গুৱাহাটীৰ নলা নিষ্কাশন বিষয়টোক লৈ শীঘ্ৰেই আহমেদাবাদ পৌৰ নিগমলৈ অশোক সিংহাল সহিতে দুজন বিষয়াৰ দল যাব বুলিও কয়।

    আৰু পঢ়ক : জন-বিস্ফোৰণক লৈ শংকিত চৰকাৰ, মুছলমান মহিলাক বিশেষভাৱে শিক্ষাৰ ব্যৱস্থা কৰিব চৰকাৰে

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং