কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী বৰ্তমান ব্যস্ত হৈ আছে ৪ দিনীয়া কেৰালা ভ্ৰমণত। বুধবাৰে নিজ সমষ্টি বায়নাডৰ যাত্ৰাৰ সময়ত ৰাহুল গান্ধীৰ সৈতে এক ঘটনা সংঘটিত হ’ল।
বহু দেহৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ ঘেৰাও চেৰ পেলাই এজন লোকে গালত চুমা দিলে ৰাহুল গান্ধীক। চুমা দিয়া লোকজনে প্ৰথমে ৰাহুল গান্ধীৰ সৈতে হেণ্ডচেক কৰিলে আৰু তাৰ পিছত তেওঁক গালত দিলে চুমা।