
নলবাৰীত উত্তপ্ত পৰিস্থিতি। নলবাৰীৰ জপাৰকুছিত অবৈধ সুৰা সেৱন কৰি মৃত্যু হ’ল এজনৰ। তাৰপিছতেই এজাক মহিলাৰ ৰণচণ্ডী ৰূপ। মহিলাসকলে অঞ্চলটোত থকা কেইবাখনো চুলাই মদৰ ঘাটি উচ্ছেদ কৰি লণ্ডভণ্ড কৰে। উল্লেখযোগ্য যে জাপাৰকুছি গাঁৱত থকা প্ৰভাত বৰ্মন, বিনোদ বৰ্মন আৰু উত্তম বৰ্মনে দীৰ্ঘদিনৰ পৰা চুলাই মদৰ ব্যৱসায় কৰি আহিছিল।
গাওঁখনৰ মহিলাসকল একগোট হৈ অবৈধ দোকান-পোহাৰ ভাঙি চুৰ্ণবিচুৰ্ণ কৰে। বুজন পৰিমাণৰ চুলাই জব্দ কৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ চুলাই বেপাৰী প্ৰভাত বৰ্মনক আটক কৰে। ইফালে মহিলাসকলৰ অভিযোগ অনুসৰি গাওঁখনত কেইবাগৰাকীও লোকৰ চুলাই সেৱন কৰি মৃত্যু হৈছে।
Photo: Time8