16 C
Guwahati
Friday, December 3, 2021
More

    এলিয়েন হোৱাৰ হেঁপাহ! কাটি পেলালে নাক, কান, ওঠ, হাতৰ আঙুলিৰ লগতে কৰিলে আৰু বহু কিবা কিবি

    মানুহে যে কত’ কি কি কাম নকৰে নিজক আনতকৈ ভিন্ন দেখাবলৈ। ধুনিয়া দেখিবলৈ প্লাষ্টিক চাৰ্জাৰি কৰাৰ লগতে কোনোৱে আকৌ নিজৰ সৌন্দৰ্য হ্ৰাস কৰিবলৈ শৰীৰৰ অংগ পৰ্যন্ত কাটি পেলায়। এইবাৰ এনে এজন লোকৰ অদ্ভুত চখ, যে এলিয়েন হোৱাৰ হেঁপাহত শৰীৰৰ কেইবাটাও অংগ কাটি পেলালে।

    নিজকে এলিয়েনৰ দৰে অদ্ভুদ দেখাত কৰিবৰ বাবে ফ্ৰান্সৰ এজন সুন্দৰ চেহেৰাৰ লোকে নিজৰ নাক, কান, ওঠ কাটি পেলোৱাৰ লগতে হাতৰ কেইটামান আঙুলিয়ো কাটি পেলালে। যুৱকগৰাকীৰ নাম এন্থনী লোফ্ৰেডো (Anthony Loffredo)। যাৰ বহু বছৰ পূৰ্বৰে পৰা এলিয়েন হোৱাৰ হেপাঁহ আছিল।

    যাৰ বাবে প্ৰথমে মুখমণ্ডলৰ প্ৰয়োজনীয় অংগ নাক আৰু কান কাটি পেলায়। তাৰ পিছতে জিভা খন মাজতে দুটুকুৰা কৰে আৰু ওপৰৰ ওঠ কাটে। হাত খন হাতোৰাৰ দৰে দেখিবলৈ অনামিকা আৰু কনিষ্ঠ আঙুলিয়ো কাটি পেলাই, লগতে কপালৰ অংশত কোনো সামগ্ৰী অষ্ট্ৰোপ্ৰচাৰৰ জৰিয়তে সংৰোপন কৰি লয়।

    সমগ্ৰ শৰীৰতে কলা ৰঙৰ আক বাক কৰি লয় টাটুৰ জৰিয়তে । ৩৩ বৰ্ষীয় এন্থনী পূৰ্বতে সুন্দৰ সুঠাম চেহেৰাৰ যুৱক আছিল। পিছলৈ তেখেতৰ এই অদ্ভূদ চখৰ বাবে ফ্ৰান্স এৰি অষ্ট্ৰেলিয়ালৈ স্থানান্তৰ হয় আৰু নিজকে সম্পূৰ্ণ ৰূপে সলাই পেলায়।

    আৰু পঢ়ক : আজি পুৱাই গৰুখুঁটি কৃষি প্ৰকল্প আহি পালে ১০৮ জনী গীৰ গাই

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং