30 C
Guwahati
Monday, September 20, 2021
More

    কৰ’ণাৰ ৰিপৰ্ট নিগেটিভ অহাৰ পিছতো ধুবুৰীত কোৱাৰাইণ্টাইনত থকা অৱস্থাতে এজনৰ আত্মহত্যা

    মৃতদেহটো জিলা প্ৰশাসনে লজৰ পৰা উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰিছে

    ধুবুৰীৰ এটা কোৱাৰাইণ্টাইন চেণ্টাৰত অঘটন। কৰ’ণা পৰীক্ষাৰ ৰিপৰ্ট নিগেটিভ অহাৰ পিছতো আত্মহত্যা এজন লোকৰ।

    পিছে কিয় এনেদৰে হঠাৎ এই পদক্ষেপ তুলি ল’লে লোকজনে? সকলো এতিয়া ৰহস্যৰ আৱৰ্তত।

    ঘটনাটো সংঘটিত হৈছে ধুবুৰীৰ বিদ্যাপৰা ৭ নং ৱাৰ্ডৰ আজিজ লজত যিটো প্ৰশাসনে কোৱাৰাইণ্টাইন কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰাৰ ঘোষণা কৰিছিল।

    বৰ্তমানে এই কোৱাৰাইণ্টাইন চেণ্টাৰটোত ৭ জন লোক কোৱাৰাইণ্টাইন হৈ আছে।

    সেই চেণ্টাৰটোতেই আজি সংঘটিত হয় এক ৰহস্যজনক আত্মহত্যাৰ ঘটনা। আত্মহত্যা কৰা ব্যক্তিজনৰ নাম সুনিল ৰয় (৪০)।

    ঘটনা সন্দৰ্ভত জানিব পৰা মতে, সুনিল ৰয়ে যোৱা ১২ জুনত ছাগলীয়া গেটেৰে অসমত প্ৰৱেশ কৰিছিল। আৰু অসমত প্ৰৱেশৰ পিছতে ছাহলীয়াত থকা কোৱাৰাইণ্টাইন চেণ্টাৰত ৰখা হৈছিল।

    পিছত ১৮ জুনত লোক জনৰ শৰীৰত কৰ’ণাৰ কোনো লক্ষণ নেদেখি স্বাৱ সংগ্ৰহ কৰি হোম কোৱাৰাইণ্টাইনৰৰ বাবে পঠিয়াই দিয়ে।

    পিছে ধুবুৰীৰ আত্মীয় ঘৰে ভাড়া ঘৰত থকাত সুনিলক প্ৰৱেশত বাধা কৰে।

    তাৰ পিছতে সুনিলে আজিজ লজ নামৰ কোৱাৰাইণ্টাইন কেন্দ্ৰটোলৈ গুচি আহে।

    কিন্তু কেৱল ৪টা দিন থকাৰ পিছতে আজি আত্মহত্যা কৰে সুনিলে। কোঠাত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় সুনিলৰ মৃতদেহ।

    পিছে আত্মহত্যাৰ পূৰ্বেই স্বাৱ টেষ্টৰ ফলাফলো নিগেটিভ আহিছিল সুনিলৰ। ধুবুৰী জিলা প্ৰশাসনেই নিশ্চিত কৰিছে এই কথা।

    উলেক্ষ্য যে ব্যক্তিগৰাকী শিলিগুড়িৰ এটা ব্যক্তিগত কোম্পানীত গাৰ্ড হিচাবে কৰ্মৰত আছিল। আৰু লকডাউনৰ মাজতেই ধুবুৰীৰ নিজ ঘৰলৈ বুলি ওলাই আহিছিল।

    জানিব পৰা মতে সুনিলৰ এটি নাবলক শিশু পুত্ৰ আছে। আৰু বৰ্তমানে তেওঁৰ পৰিয়াল পুত্ৰ আৰু পত্নী পচিমবংগৰ বক্সিৰহাটত আছে।

    পিছে এতিয়া প্ৰশ্ন উঠিছে কৰ’ণা টেষ্টৰ ফলাফল নেগেটিভ বুলি জনাৰ পাছতো ব্যক্তিজনে কিয় আত্মহত্যাৰ পথ বাচি ললে। সকলো ৰহস্যৰ অৱৰ্তত।

    আনহাতে মৃতদেহটো জিলা প্ৰশাসনে লজৰ পৰা উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰিছে।

    Input and Photo Credit : Aminur Ahmed

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং