বিশাখাপট্টনমত ভয়ংকৰ ঘটনা, ফাৰ্মা কোম্পানীৰ পৰা বিষাক্ত গেছ নিৰ্গত হৈ হাজাৰৰো অধিক অসুস্থ

বিষাক্ত গেছ নিৰ্গত হোৱাৰ ফলত তিনিজনৰ মৃত্যু

0
99

অন্ধ্ৰপ্ৰদেশৰ অন্যতম চহৰ বিশাখাপট্টনমত ভয়ংকৰ ঘটনা। এটা ফাৰ্মা কোম্পানীৰ পৰা নিৰ্গত হৈছে বিষাক্ত গেছ। যাৰ ফলত মৃত্যু ঘটিছে তিনিজনকৈ লোকৰ। আনহাতে ১৭০০ৰো অধিক লোক গুৰুতৰভাৱে অসুস্থ হৈ বৰ্তমানে চিকিৎসালয়ত চিকিৎসাধীন। ইয়াৰ উপৰিও হাজাৰ হাজাৰ লোক অসুস্থ হৈ আছে নিজ নিজ ঘৰতেই।

বিষাক্ত গেছ নিৰ্গত হোৱাৰ ফলতেই এই ভয়াৱহ ৰূপ লৈছে চহৰখনত। স্বাস-প্ৰস্বাসত কষ্ট পাইছে আক্ৰান্ত ব্যক্তিয়ে। মাজ নিশা প্ৰায় ২.৩০ বজাত এই বিষাক্ত গেছ নিৰ্গত হয়। এই ঘটনাই ১৯৮৪ৰ ডিছেম্বৰ মাহত সংঘটিত হোৱা দেশজুৰি কপাই যোৱা ভুপাল গেছ ট্ৰেজেডিক আকৌ এবাৰ মনত পেলাই দিয়ে।

প্ৰশাসনে বৰ্তমানে খালী কৰি দিছে কোম্পানীৰ সমীপত থকা কেইবাখনো গাঁও। ৩ কিলোমিটাৰ পৰ্যন্ত বিয়পিছে উদ্যোগটোৰ পৰা নিৰ্গত হোৱা বিষাক্ত গেছ। বৰ্তমানে বিশাখাপট্টনমৰ সমূহ চিকিৎসালয়ে এই বিপদৰ বাবে সাজু হৈছে। তৈয়াৰ কৰি ৰাখিছে ১৫০০০ৰ পৰা ২০০০ পৰ্যন্ত বিচনা।

Photo Credit: