বোকাজানত ভয়ংকৰ অগ্নিকাণ্ড ! জুইত জাহ গ’ল দুখন চাৰিচকীয়া বাহন

0
31

বোকাজানত ভয়ংকৰ অগ্নিকাণ্ড ! জুইত জাহ গ’ল দুখন চাৰিচকীয়া বাহন

বোকাজানৰ লাহৰীজানত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। অগ্নিকাণ্ডটোত কেইবাটাও বাসগৃহ আৰু ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত হৈছে । বাসগৃহৰ লগতে দুখন চাৰিচকীয়া বাহন আৰু তিনিখন মটৰ চাইকেলো ভস্মীভূত হয়।

মুহূৰ্তৰ ভিতৰতে জুইৰ লেলিহান শিখাই ছানি ধৰে অঞ্চলটো। জানিব পৰা মতে অগ্নিকাণ্ডটোত কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণ হৈছে।চৰ্ট চাৰ্কিতৰ ফলতে অগ্নিকাণ্ডটোৰ সূত্ৰপাত ঘটিল বুলি সন্দেহ কৰা হৈছে।

অগ্নিকাণ্ডটোৰ পিছত বোকাজানৰ লগতে ডিমাপুৰৰ পৰা অহা ৪খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে।এই অগ্নিকাণ্ডৰ ফলত প্ৰায় ২০০ৰো অধিক বাসগৃহ আৰু কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে।