
ভাৰত পাকিস্তানৰ সীমাই দিছে বাধা ! ৬টা বছৰে বিয়াৰ বাবে অপেক্ষাত এহাল প্ৰেমিক-প্ৰেমিকা
এহাল প্ৰেমিক-প্ৰেমিকাৰ বিবাহৰ মাজত ভাৰত-পাকিস্তানৰ সীমা এতিয়া এখন দুৱাৰ হৈ পৰিছে |
যোৱা ৬ টা বছৰৰ পৰা দুয়োয়ে তেওঁলোকৰ বিবাহৰ কাৰণে অপেক্ষা কৰি আছে |
বহুবাৰ আৱেদন কৰাৰ পিছতো যুৱতী গৰাকীয়ে ভিছা লাভ কৰিবলৈ সক্ষম হোৱা নাই |
যাৰ ফলত তেওঁলোকৰ বিবাহ হৈ উঠা নাই | দৰাচলতে এই প্ৰেম কাহিনীটো পাঞ্জাব বাটালাত বাস কৰা নমন লুথৰা আৰু পাকিস্তানৰ লাহোৰৰ শ্বাহলীনৰ বিষয়ে।
নমনে কৈছিল যে তেওঁৰ ককাক আইতাক লাহোৰত থাকে | শ্বাহলীনক তেওঁলোকৰ ওচৰলৈ যাওঁতে দেখা |
দুয়োখন ঘৰে মান্তি হোৱাৰ পিছত তেওঁলোকে ২০১৬ চনত দুয়োয়ে আঙুঠিও পিন্ধাই |
ইয়াৰ পিছত বিয়াৰ বাবে ভিছাৰ কাৰণে আৱেদন কৰে | কিন্তু শ্বাহলীনে ভিছা নাপালে |
এই ৬ টা বছৰত শ্বাহলীনে বহুবাৰ ভিছাৰ কাৰণে আৱেদন কৰিলে কিন্তু তেওঁ ৬ বছৰত এবাৰো ভিছা নাপালে |
নমন শ্বাহলীনৰ লগতে তেওঁলোকৰ পৰিয়ালৰ লোক সকলেও এতিয়া চৰকাৰৰ ওচৰত আৱেদন কৰিছে যে সোনকালে ভিছা খন দিয়ক | যাতে তেওঁলোকৰ বিয়াখন হ’ব পাৰে |