ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ প্ৰকৃত স্বৰূপ উদঙালে আনন্দ শৰ্মাৰ এখন পত্ৰই; আনন্দ শৰ্মাৰ এই প্ৰত্ৰখনত কি লিখা আছিল!

0
201

ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ প্ৰকৃত স্বৰূপ উদঙালে আনন্দ শৰ্মাৰ এখন পত্ৰই; আনন্দ শৰ্মাৰ এই প্ৰত্ৰখনত কি লিখা আছিল!

উল্লোখযোগ্য যে, আনন্দ শৰ্মাই হোষ্টেল ৱাৰ্ডেনলৈ প্ৰেৰণ কৰা অভিযোগ পত্ৰই পুনৰ এবাৰ মুখা খুলিলে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কৰ্তৃপক্ষৰ দূৰ্বল ভূমিকা আৰু বিভিন্ন বিষয়ক গুৰুত্বহীন কৰি ৰখাৰ বাবেই বাৰে বাৰে মহাবিদ্যালয়খনত এনে ভয়ংকৰ ঘটনা সংঘটিত হৈ আহিছে বুলি একাংশই অভিযোগ কৰা পৰিলক্ষিত হৈছে ।

ঘটনা পোহৰলৈ অহাৰ পাছতেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সোমবাৰে সংবাদমেল অনুষ্ঠিত কৰি নিজৰ স্থিতি স্পষ্ট কৰিছিল যদিও বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ এনে সিদ্ধান্তক লৈ বহুজনে সমালোচনা কৰা পৰিলক্ষিত হৈছে। যদিও বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ, ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীক বিশ্ববিদ্যালয় কেম্পাছত প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে আন চাৰিজন ছাত্ৰ ক্ৰমে দিব্যজ্যোতি গগৈ, শুভ্ৰজিত বৰুৱা, নিৰঞ্জন ঠাকুৰ আৰু কল্যাণ দত্তক ছাত্ৰাবাসৰ পৰা বহিষ্কাৰ কৰাৰ ওপৰিও সাময়িকভাৱে শ্ৰেণীকক্ষৰ পৰা বহিষ্কাৰ কৰিছে ।

আনহাতে পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসৰ পৰা বহিষ্কাৰ কৰিলে গালব ডেকা, নিৰঞ্জন যাদৱ, কল্যাণ দত্ত, সীমান্ত হাজৰিকা, প্ৰাণজিৎ বৰুৱা, চন্দনজ্যোতি বৰা সোণোৱাল, শিৱম শ্ৰফ, পাছাংখাম বৰুৱা, পল্লৱ বৰা, চিত্ৰবন বৰুৱা, নাৰায়ণ অধিকাৰী, নয়নজিৎ ঠেঙাল, মনোৰঞ্জন দাস, মৌচম ফুকন, বিশাল ডেকা, নৱদ্বীপ শৰ্মা, দেৱাশিস বিশ্বাস আৰু অমৰজ্যোতি নাথ নামৰ ১৮ জনকৈ ছাত্ৰক।

উল্লেখ্য যে, ইয়াৰ পাছতো আনন্দ শৰ্মাৰ পৰিয়ালৰ লগতে কোনো লোকেই সন্তুষ্ট হ’ব পৰা নাই এই ভয়ানক ঘটনাটোৰ৷
শেহতীয়াকৈ আনন্দ শৰ্মাৰ এখন পত্ৰই ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ প্ৰকৃত স্বৰূপটো উদঙাই দিলে । কিয়নো ১৭ নৱেম্বৰতেই ৰেগিঙৰ আতিশয্য সহিব নোৱাৰি আনন্দ শৰ্মাই হোষ্টেল ৱাৰ্ডেনলৈ প্ৰেৰণ কৰিছিল এই অভিযোগ পত্ৰ। পত্ৰখনৰ জৰিয়তে ছাত্ৰাবাসত ৰেগিং চলি থকাৰ অভিযোগ লাভ কৰিও পদ্মনাথ গোহাঞি বৰুৱা হোষ্টেলৰ ৱাৰ্ডেনে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।

ৱাৰ্ডেনলৈ প্ৰেৰণ কৰা পত্ৰত ৰেগিঙৰ নামত আতিশয্য চলোৱা ১০ জন ছাত্ৰৰ নাম উল্লেখ কৰিছল আনন্দ শৰ্মাই । কিন্তু বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আনন্দ শৰ্মাৰ অভিযোগ পত্ৰক কোনো গুৰুত্বই প্ৰদান নকৰাৰ অভিযোগ কৰা হৈছে।