
জঘন্য ঘটনা ! অপৰাধৰ ধাৰাবাহিক চাই পৰিয়ালৰ ৪ জনৰ ডিঙি কাটিলে কিশোৰে
ত্ৰিপুৰাত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে | ত্ৰিপুৰাৰ ধলাই জিলাৰ এখন গাঁৱত ১৭ বছৰীয়া এটি কিশোৰে এটা জঘন্য ঘটনা সংঘটিত হৈছে |
জানিব পৰা মতে অভিযুক্ত কিশোৰটোৱে শনিবাৰে নিশা বহু দেৰি লৈকে অপৰাধৰ এখন ধাৰাবাহিক চাই আছিলে|
তাৰ পিছতে সি ঘৰত উচ্চ ভলিয়ামত গান লগাইছিল | তাৰ পিছতে ঘৰত থকা কুঠাৰ খনে শুই থকা তেওঁৰ ককাক, মাক , ভনিয়েক আৰু মাহীয়েকক এফালৰ পৰা কাটি যায় |
তাৰ পিছত মৃতদেহ কেইটাক ঘৰৰ কাষতে থকা কুঁৱাটোত পেলাই দিয়ে |
পিছত ওচৰ চুবুৰিয়াই কথাটো গম পাই আৰক্ষীক খবৰ দিয়ে | ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ ঘটনাটো তদন্ত কৰিছে |
দেওবাৰে পুৱা ঢলাই বজাৰৰ পৰা অভিযুক্ত জনক গ্ৰেপ্তাৰ কৰে |