জুবিনৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাৰ লগতে অভিনেতা বিবেকৰ ওপৰত হাত তোলা কোন এই যুৱক?

নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থন কৰা এই যুৱকে অন্য লোককো 'কা' সমৰ্থন কৰাৰ বাবে জোৰ দিয়ে

0
288

অসমৰে সন্তান হৈ অসমীয়া শিল্পীৰে গাত হাত তুলিছে এজন যুৱকে। অকল ইমানেই নহয়, যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ যাক অসমৰ প্ৰতিজন মানুহেই ভাল পায় সেই জুবিন গাৰ্গৰ বিৰুদ্ধেও ৰাইজৰ মাজত চলাইছে অপপ্ৰচাৰ। অভিনেতা বিবেক বৰাৰ ওপৰত হাত তুলি এতিয়া অসমৰ জনতাৰ ৰোষত পৰিছে যোৰহাটৰ এগৰাকী যুৱক নাম স্বপ্ননীল বৰদলৈ।

উল্লখ্য যে অসমৰ প্ৰতিজন ডেকা এতিয়া নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰাৰ বিপৰীতে এই স্বপ্ননীল বৰদলৈয়ে কৰিছে এই আইনৰ সম্পুৰ্ণ সমৰ্থন। যোৰহাট বিজেপিৰ পোহনীয়া গুণ্ডা দালালৰূপী স্বপ্ননীলে নিজে এই আইনৰ সমৰ্থন কৰাৰ লগতে ইয়াৰ বিৰোধীতা কৰা সকলক দিছে দাবী আৰু ধমকি।

অভিনেতা বিবেক বৰাকো এই আইনখন সমৰ্থন নকৰা বাবে প্ৰথমে অপমান অপদস্থ কৰে, পিছে সিমানতে ক্ষান্ত নাথাকি অভিনেতা জনৰ ওপৰত হাত তোলে স্বপ্ননীল বৰদলৈয়ে। যাৰ বাবে এতিয়া সমূহ শিল্পী সমাজে এই কৰ্মকাণ্ডৰ তীব্ৰ ভাষাৰে গৰিহণা দিছে। লগতে শিল্পী সকলৰ বিৰুদ্ধে অপপ্ৰচাৰত লিপ্ত হোৱা এইজনাক উচিত প্ৰত্যুত্তৰ দিবলৈ সময় সমাগত ৰাজহুৱাকৈ অনতিপলমে ক্ষমা খুজিবলৈ কৈছে অসমৰ শিল্পী সমাজে।