28 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    টকাৰ উজান! SST, FST আৰু আৰক্ষীৰ অভিযানত চাৰি লক্ষাধিক টকা জব্দ

    টকাৰ উজান! SST, FST আৰু আৰক্ষীৰ অভিযানত চাৰি লক্ষাধিক টকা জব্দ

    নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত এছ এছ টি, এফ এছ টি আৰু আৰক্ষীয়ে তীব্ৰতৰ কৰি তুলিছে তালাচী অভিযান।

    এই অভিযানৰ অংশ স্বৰূপে বৰপেটাৰ জিলাৰ কুকাৰপাৰ আৰু বহৰিত চাৰিজনৰ পৰা পৃথকে পৃথকে জব্দ কৰে চাৰি লক্ষাধিক টকা।

    চেঙা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া নিতুল খাটনিয়াৰৰ উপস্থিতত এছ এছ টি আৰু মাজদিয়া আৰক্ষীয়ে বৰপেটা ৰোডৰ কলহভঙাৰ সুৰজিৎ মণ্ডলৰ পৰা ১,৪৫,২৫০ টকা, কয়াকুছিৰ ভৌকামাৰিৰ মণিৰুল ইছলামৰ পৰা ৮৬,০০০ টকা আৰু তাৰাবাৰীৰ ফুলবাৰীৰ ছাহজাহান আলীৰ পৰা ৬৮,৬৪০ টকা জব্দ কৰে।

    আনহাতে বহৰিত এফ এছ টি আৰু তাৰাবাৰী আৰক্ষীয়ে চলোৱা অভিযানত বাক্সা জিলাৰ আঠিয়াবাৰীৰ লিটন বৰ্মনৰ পৰা ১,২১,৪৫০ টকা জব্দ কৰে।

    আজিৰ এই অভিযানত মুঠ ৪,২১,৩৪০ টকা জব্দ কৰে এছ এছ টি আৰু আৰক্ষীয়ে।

    জব্দ কৰা টকাখিনি বৰপেটা জিলা কোষাগাৰলৈ প্ৰেৰণ কৰা হ’ব বুলি জানিবলৈ দিয়ে চেঙা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া নিতুল খাটনিয়াৰে।

    আৰু পঢ়ক : তেল চুৰি কৰি থকাৰ সময়তেই দপদপকৈ জ্বলিল টেংকাৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং