
যৌতুক দাবী,দাবীকৃত যৌতুক নোপোৱাত এগৰাকী বোৱাৰীক পাশৱিক নিৰ্যাতন স্বামীৰ। নিৰ্যাতিতা বোৱাৰীগৰাকীয়ে কৰা অভিযোগ মতে তেওঁৰ স্বামী যৌতুক দাবী কৰি দীৰ্ঘদিন ধৰি চলাই আহিছে শাৰিৰীক আৰু মানসিক নিৰ্যাতন।মঙ্গলবাৰে ইয়াৰ চৰম ৰূপ ধাৰণ কৰে। বোৱাৰীগৰাকীৰ মূৰত গুৰুতৰ আঘাত কৰাৰ লগতে লাঠিৰে কোবাই উঘালি পেলালে তিনিটা দাঁত। এই জঘন্য ঘটনা সংঘটিত হৈছে বিলাসীপাৰা চহৰৰ ৯ নম্বৰ ৱাৰ্ড বানিয়াপাৰাত।
বিলাসীপাৰা মহকুমাৰ বাঘমাৰী গাঁৱৰ মৃত মুক্তাৰ হুছেইনৰ কন্যা নিলীমা বেগমৰ ১২ বছৰ পূৰ্বে সামাজিক প্ৰথাৰে বিয়া হৈছিল বিলাসীপাৰা চহৰৰ ৯ নম্বৰ ৱাৰ্ডৰ জয়নুল হকৰ লগত। বিয়াৰ পিছৰে পৰা জয়নুল হকে যৌতুক দাবী কৰি নিলীমা বেগমক শাৰিৰীক আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ নিৰ্যাতিতা মহিলাগৰাকীৰ। শেহতীয়াকৈ আজি এক লাখ টকা যৌতুক হিচাপে বিচাৰি দুটা সন্তানৰ মাতৃ নিলীমা বেগমক হেঁচা প্ৰয়োগ কৰিবলৈ লয়।
পিতৃহীনা নিলীমাই ক’ৰ পৰা এক লাখ টকা আনি দিব বুলি কওঁতেই আৰম্ভ মাৰপিট।পিছত ঘটনা সন্দৰ্ভত জানিব পাৰি বোৱাৰীগৰাকীৰ পৰিয়ালৰ লোকে আহি তেওঁক চিকিৎসালয়লৈ নিয়াৰ লগতে বিলাসীপাৰা আৰক্ষী থানাত ঘটনা সন্দৰ্ভত দাখিল কৰে স্বামী জয়নুল হকৰ বিৰুদ্ধে এজাহাৰ। এতিয়া আৰক্ষীয়ে কিদৰে জয়নুল হকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব সেয়াই হ’ব লক্ষ্যণীয়।