নৃশংস হত্যাকাণ্ড ডিঙি চেপি হত্যা কৰি স্কুটীৰে মৃতদেহ নি পেলালে বহু দূৰৈত

0
164

নৃশংস হত্যাকাণ্ড ডিঙি চেপি হত্যা কৰি স্কুটীৰে মৃতদেহ নি পেলালে বহু দূৰৈত। গোলাঘাটত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড।

প্ৰথমে হত্যা আৰু তাৰ পাছত একেবাৰে হিন্দী চিনেমাৰ কায়দাৰে হত্যাকাৰীৰে নিজৰ স্কুটীত মৃতদেহ উঠাই নি দূৰৈত পেলাই থৈ যায়।

গোলাঘাটৰ ১নং কৌৱানীত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড । কৌৱানী পাহাৰ লাইনৰ নিবাসী আৰবেল কেৰ্কেটা নামৰ এজন লোকক মৰিয়াই মৰিয়াই অৱশেষত ডিঙি চেপি হত্যা কৰিলে নিজৰেই সতীৰ্থ গৌতম বিশ্বাস(বিকি) নামৰ লোকজনে ।

হত্যা কৰি নিজৰ স্কুটীত তুলি পেলাই থৈ যায় ডাকঘৰ চাৰি আলিৰ পৰা কৌৱানী সংযোগী পথত । স্থানীয় গাঁওৰক্ষী বাহিনীয়ে ঘটনাৰ বিষয়ে জানিব পাৰি লগে লগে বগীজান আৰক্ষীক খবৰ দিয়ে।

ঘটনাস্থলীত বগীজান আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি প্ৰেৰণ কৰে মৰণোত্তৰ পৰীক্ষাৰ বাবে । টকা পইচাৰ লেনদেনৰ বাবেই এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ স্থানীয় লোকৰ ।

হত্যাকাৰী গৌতম বিশ্বাসক ইতিমধ্যে গ্ৰেপ্তাৰ কৰে বগীজান আৰক্ষীয়ে । হত্যাকাণ্ডটোক লৈ সমগ্ৰ অঞ্চলটোত বিৰাজ কৰিছে চাঞ্চল্য ।

Input and Photo- Rajib karmokar