32 C
Guwahati
Tuesday, October 12, 2021
More

    ৰাজ্যৰ এক জঘন্য ধৰ্ষণৰ ঘটনা, ধৰ্ষণৰ সময়তে কৰুণ মৃত্যু ৩ মহীয়া কেঁচুৱাৰ, গাঁত খান্দি উদ্ধাৰ কনমানিৰ মৃতদেহ

    ৰাজ্যৰ এক জঘন্য ধৰ্ষণৰ ঘটনা, ধৰ্ষণৰ সময়তে কৰুণ মৃত্যু ৩ মহীয়া কেঁচুৱাৰ, গাঁত খান্দি উদ্ধাৰ কনমানিৰ মৃতদেহ

    ৰাজ্যৰ এক জঘন্য ধৰ্ষণৰ ঘটনা, ধৰ্ষণৰ সময়তে কৰুণ মৃত্যু ৩ মহীয়া কেঁচুৱাৰ, গাঁত খান্দি উদ্ধাৰ কনমানিৰ মৃতদেহ

    ৰাজ্যত ধৰ্ষণৰ এক জঘন্য ঘটনা। ধৰ্ষণৰ সময়তে কৰুণ মৃত্যু ৩ মহীয়া কেঁচুৱাৰ। গাঁত খান্দি উদ্ধাৰ কনমানিৰ মৃতদেহ। ঘটনাৰ ১৩ দিনৰ পিছত হে পোহৰলৈ আহে এই জঘন্য কাণ্ড।

    এগৰাকী মহিলাক ধৰ্ষণৰ সময়তে অতিকৰুণভাৱে মৃত্যুক সাৱতে মহিলাগৰাকীৰ ৩ মহীয়া কেঁচুৱা সন্তানটিয়ে। কামৰূপ জিলাৰ ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত অতি দুৰ্গম দীঘলবিল গাঁৱত সংঘটিত হৈছিল এই জঘন্য় ধৰ্ষণৰ ঘটনা।

    ঘটনাক গাপ দিয়াৰ অপচেষ্টা ব্যৰ্থ। আৰক্ষীয়ে বহু তদন্তৰ অন্তত ১৩ দিনৰ পিছত গাঁত খান্দি উলিয়ালে শিশুটিৰ মৃতদেহ।

    আনহাতে গ্ৰেপ্তাৰ হ’ল ধৰ্ষণ, শিশুৰ মৃত্যুৰ বাবে দায়ী লম্পট ভূপেন ৰাভা। ২৮ ছেপ্টেম্বৰতে সংঘটিত হৈছিল এই অতিকে জঘন্য আৰ নিদাৰুণ ঘটনা । যি কালি ১১ অক্টোবৰ তাৰিখেহে পোহৰলৈ

    ছয়গাঁও আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ এই বৃহৎ সাফল্য, সুদীৰ্ঘ ১৩ দিনৰ পিচত পোহৰলৈ আহে এই জঘন্য ধৰ্ষণকাণ্ড ঘটনাৰ ওৰ৷

    ঘটনাটো বকো আৰক্ষী থানাৰ অন্তৰ্গত যদিও এই জঘন্য ধৰ্ষণকাণ্ডটো পোহৰলৈ আনে ছয়গাঁও আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকে। আনহাতে শিশুটোৰ মৃতদেহটো ধৰ্ষণকাৰী লম্পটৰ উপস্থিতিত ছয়গাঁও আৰক্ষীয়ে খান্দি উলিয়াই, এই উদ্ধাৰ অভিযানত ছয়গাঁৱৰ স্থানীয় দণ্ডাধীশৰ উপস্থিতিত গাঁতৰ পৰা উলিয়াই।

    লম্পট ভূপেন ৰাভাই একে গাঁৱৰে এগৰাকী মহিলাক ঘৰত কোনো নথকাৰ সুযোগ লৈ বলপূৰ্বক ভাৱে ধৰ্ষণ কৰে৷ মহিলা গৰাকীয়ে ঘৰত নিজৰ তিনিমহীয়া কেঁচুৱাটো লৈ থকাৰ সময়তেই ভূপেন ৰাভাই বলপূৰ্বক মহিলা গৰাকীক ধৰ্ষণ কৰাৰ সময়তে কোলাৰ কেঁচুৱাটো কোলাৰ পৰা মাটিত পৰি যোৱাৰ ফলত বেয়াকৈ আঘাতপ্ৰাপ্ত হৈ মৃত্যু হয় ৷

    এই ঘটনা সংঘটিত কৰাৰ পিচত যুৱকজনে মহিলা গৰাকীক এই ঘটনাটো কাৰো আগত প্ৰকাশ নকৰিবলৈ প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে। আৰু মৃত শিশুটি অতি গোপনে লৈ গৈ মাটিত পুতি থয়।

    ছয়গাঁও আৰক্ষীয়ে বৰ্তমানে আটকাধীন ভূপেন ৰাভাক ছয়গাঁও আৰক্ষী থানতে ৰাখি জেৰা অব্যাহত ৰাখিছে।

    Input and Photo – Dhrubjyoti Das

    আৰু পঢ়ক : আজি মহাসপ্তমী, ৮.১৮ ৰ পৰা আৰম্ভ হ’ব সপ্তমী বিহিত পূজা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং