নিশা তিনিচুকীয়াত ভয়ংকৰ দুৰ্ঘটনা! দুৰ্ঘটনাত থিতাতে নিহত দুগৰাকী মহিলা

0
10111

নিশা তিনিচুকীয়াত ভয়ংকৰ দুৰ্ঘটনা! দুৰ্ঘটনাত থিতাতে নিহত দুগৰাকী মহিলা

তিনিচুকীয়া জিলাৰ লংছোৱালৰ গুৰুকুলৰ সমীপত নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

দুৰ্ঘটনাটোৰ ফলত দুগৰাকী মহিলা থিতাতে নিহত হয় আৰু আন দুগৰাকী মহিলা গুৰুত্বৰভাৱে আহত হয় ।

জানিব পৰা মতে মহিলা কেইগৰাকীয়ে সপ্তাহিক বজাৰত শাক-পাচলি বিক্ৰী কৰি তিনিচুকীয়ালৈ উভতি গৈ থকাৰ পথে দুৰ্ঘটনাটো সংঘটিত হয়|

মহিলা কেইগৰাকীয়ে তিনিচুকীয়াৰ পৰা শদিয়া অভিমুখে এখন বস্তু কঢ়িওৱা মেজিকত গৈ আছিলে |

সেই সময়তেএকে দিশৰ পৰা গৈ থকা এখন বলেৰ’ পিকআপ বাহনে মেজিক খনক পাছফালৰ খুন্দা মাৰে |

লগে লগে মেজিক খনত থকা দুগৰাকী মহিলা থিতাতে নিহত হয় |

দুৰ্ঘটনাগ্ৰস্ত বাহন দুখনৰ নম্বৰ AS 23 CC 8666 আৰু বলেৰ’ পিকআপ বাহন খনৰ নম্বৰ AS 23 CC 7848 |

নিহত হোৱা মহিলা দুগৰাকী শদিয়া ন-তৰাণী গাঁৱৰ বুলি জানিব পৰা গৈছে|

আনহাতে আহত হোৱা মহিলা দুগৰাকীক সংকটজনক অৱস্থাত তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰলৈ প্ৰেৰণ কৰা হৈছে।

ঘটনাস্থলীত ডুমডুমা আৰক্ষী উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰা লগতে দুৰ্ঘটনা পতিত কৰা বলেৰ’ পিকআপ খনৰ সহ চালকক কৰায়ত্ব কৰে।