শিলাদিত্য দেৱৰ ওচৰত এগৰাকী মহিলাৰ হিয়াভগা কান্দোন.. কিন্তু কিয়?

আৰক্ষীৰ পৰা কোনো ধৰণৰ সঁহাৰি লাভ নকৰি বিমুখ হোৱা মহিলাগৰাকীয়ে বিধায়ক শিলাদিত্য দেৱৰ ওচৰত বিচাৰিছে সহায়

0
100

হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱৰ ওচৰত এগৰাকী মাতৃৰ হিয়াভগা কান্দোন। লকডাউনৰ সময়তে ২০ দিন ধৰি সন্ধানহীন হৈ থকা নিজৰ ১০ বছৰীয়া সন্তানক বিচাৰি মাতৃয়ে জনালে কাতৰ প্ৰাৰ্থনা বিধায়কজনৰ ওচৰত। লংকাৰ পূৱ ভালুকমাৰী লগতে লাগি থকা ৯ নং ৱাৰ্ডৰ ঊষাৰাণী দেৱনাথ নামৰ মহিলাগৰাকীৰ ১০ বছৰীয়া পুত্ৰ অভিজিত দেৱনাথ কঠোৰভাৱে লকডাউন চলি থকা সময়তে আচৰিতভাৱে ঘৰৰ সন্মুখৰ পৰাই হঠাৎ নাইকিয়া হৈ পৰিছিল।

বহু বিচাৰ খোচাৰ কৰিও কোনো সম্ভেদ লাভ কৰিব নোৱাৰাত, ল’ৰা সন্ধানহীন হোৱাৰ আঁৰত ঘৰৰ সীমাৰ সঞ্জয় দেৱনাথ আৰু অপু দেৱনাথ জড়িত থকাৰ সন্দেহ কৰি লংকা আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে ঊষাৰাণী দেৱনাথে। কিন্তু আৰক্ষীয়ে ২০ দিন উকলি যোৱাৰ পিছতো কোনো সম্ভেদ উলিয়াবলৈ সক্ষম নহ’ল অভিজিতৰ।

পৰিয়ালটোৰ অসহায় অৱস্থাৰ কথা শুনি বুধবাৰে নিশা বিধায়ক শিলাদিত্য দেৱ উপস্থিত হয়হি পৰিয়ালটোৰ কাষত।আৰক্ষীৰ পৰা কোনো ধৰণৰ সঁহাৰি লাভ নকৰি বিমুখ হোৱা মাতৃগৰাকীয়ে বিধায়ক শিলাদিত্য দেৱৰ ওচৰত কান্দি কান্দি ল’ৰাটোক বিচাৰি দিবলৈ ভিক্ষা কৰাৰ দৃশ্যই উপস্থিত সকলোৰে মন সেমেকাই তোলে।