33 C
Guwahati
Monday, September 26, 2022
More

    দেশৰ বহু হাই প্ৰফাইল ছবিক পিছ পেলাই অস্কাৰলৈ এখন সাধাৰণ ছবি…

    দেশৰ বহু হাই প্ৰফাইল ছবিক পিছ পেলাই অস্কাৰলৈ এখন সাধাৰণ ছবি…যি সময়ত তাৰকৈ খচিত তথা বিগ বাজেটৰ ছবিৰ সমাহাৰ সেই সময়ত কিন্তু এখন অতিকে সাধাৰণ ছবিহে নিৰ্বাচিত হৈছে অস্কাৰলৈ বুলি।

    আৰআৰআৰ বা কাশ্মীৰ ফাইল নহয়, গুজৰাটী চলচ্চিত্ৰ ‘চেলো শ্ব’ (Chhello Show) হৈছে ভাৰতৰ অফিচিয়েল অস্কাৰ এণ্ট্ৰি।

    গুজৰাটী চলচ্চিত্ৰ ‘চেলো শ্ব’ক ভাৰতৰ অফিচিয়েল অস্কাৰ এণ্ট্ৰি হিচাপে নামাকৰণ কৰা হৈছে। ভাৰতীয় চলচ্চিত্ৰ ফেডাৰেশ্যনে এই ঘোষণা কৰে। পান নলিনৰ চলচ্চিত্ৰখনক ইংৰাজীত ‘লাষ্ট ফিল্ম শ্ব’ বুলি কোৱা হয়।

    গুজৰাটী ভাষাৰ এই ছবিখনে সমগ্ৰ বিশ্বৰ সমালোচক আৰু দৰ্শকৰ হৃদয় আকৰ্ষণ কৰিছে । ছবিখনে ২০২২ চনৰ ১৪ অক্টোবৰতহে গুজৰাটৰ ছবিগৃহত আৰু সমগ্ৰ দেশৰ নিৰ্বাচিত পৰ্দাত মুক্তি পাব।

    পৰিচালক পান নলিনৰ গ্ৰাম্য গুজৰাটত সৰুতে চলচ্চিত্ৰৰ প্ৰেমত পৰাৰ নিজৰ স্মৃতিৰ দ্বাৰা অনুপ্ৰাণিত হৈ, লাষ্ট ফিল্ম শ্ব’ (চেলো শ্ব)(Chhello Show) ডিজিটেল বিপ্লৱৰ শিখৰত নিৰ্মাণ কৰা হৈছে আৰু চেলুলইড চলচ্চিত্ৰ প্ৰক্ষেপণৰ আঁৰত থকা পোহৰ আৰু ছাঁৰ যাদু আৰু বিজ্ঞানৰ দ্বাৰা ফান্দত পৰা এটা ন বছৰীয়া ল’ৰাক দেখুওৱা হৈছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং