20 C
Guwahati
Tuesday, April 13, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    সুন্দৰ হোৱাৰ হেঁপাহ- ১০০ বাৰ প্লাষ্টিক চাৰ্জাৰী কৰালে এগৰাকী কিশোৰীয়ে

    সুন্দৰ হোৱাৰ হেঁপাহনো কাৰ নাথাকে। সুন্দৰ হোৱাৰ হেঁপাহতেই এগৰাকী ১৬ বছৰীয়া কিশোৰীয়ে কৰালে ১০০ বাৰ প্লাষ্টিক ছাৰ্জাৰী। ঝো চুন নামৰ এগৰাকী চীনা কিশোৰীৰ এই অদ্ভুদ কাণ্ড ।

    পিছে ইমানতো ক্ষান্ত নহয় কিশোৰীগৰাকী। নিজৰ চেহেৰাক লৈ এতিয়াও সুখী নহয়। যাৰ বাবে পৰৱৰ্তী চাৰ্জাৰীৰ বাবে নিজকে প্ৰস্তুত কৰিছে ঝো চুনে।

    ঝো চুনৰ ভাৱধাৰা যে, যিমানে সুন্দৰ হয় সিমানে ভাল কাম পাই। যাৰ বাবেই নিজকে পুতলাৰ দৰে লাগিবৰ বাবে কৰি গৈছে এটাৰ পিছত এটাকৈ প্লাষ্টিক চাৰ্জাৰী। আৰু এই চাৰ্জাৰী বাবে বৰ্তমানলৈ খৰচ কৰিছে ৪ কোটি ৫১ লাখ টকা।

    ১০০ চাৰ্জাৰী হোৱাৰ পিছত ছচিয়েল মিডিয়াত ফটো আপলোড কৰি এই বিষয়ে জনাই ঝো চুনে। ফটো শ্বেয়াৰ কৰি কিশোৰী গৰাকীয়ে লিখে যে,শ্ৰেণীকোঠাত দেখিবলৈ বেয়া হোৱাৰ বাবেই সদাই চাফ চিকুনৰকাম কৰিব লাগিছিল।

    ইয়াৰ বিপৰীতে দেখাত সুন্দৰ ছোৱালী বোৰে একেবাৰে সাধাৰণ সাধাৰণ কাম বোৰ পাইছিল। সেয়ে হীনমান্যতাত ভুগি চাৰ্জাৰী কৰাৰ বাবে সিদ্ধান্ত লয় কিশোৰাী গৰাকীয়ে।

    আৰু পঢ়ক : কংগ্ৰেছৰ অসম বচাও কাৰ্যসূচীত অঘটন! দলৰ নেতা-কৰ্মীৰ মাজত হতাহতি

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং