27 C
Guwahati
Thursday, June 24, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    প্ৰেমিকাই ফোন কৰি মাতি আনি আত্মীয়ৰ দ্বাৰা প্ৰেমিকক হত্যা কৰাৰ অভিযোগ, অসম আৰক্ষীৰ তদন্ত অব্যাহত

    প্ৰেমিকাই ফোন কৰি মাতি আনি আত্মীয়ৰ দ্বাৰা প্ৰেমিকক হত্যা কৰাৰ অভিযোগ, অসম আৰক্ষীৰ তদন্ত অব্যাহত। প্ৰেমৰ কৰুণ পৰিণতি! প্ৰেম কৰাৰ কাল হৈ নামিল এজন যুৱকৰ বাবে। অৱশেষত আহুতি দিব লগা হল প্ৰাণৰ ।

    ডবকাৰ ভেলেউগুৰিত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। নিৰ্মমভাৱে প্ৰহাৰ কৰি নলাত পেলালে যুৱকৰ নিথৰ দেহ ৷ প্ৰত্যক্ষদৰ্শীয়ে নলাত তেনে অৱস্থাত দেখি লগে লগে সংকটজনক অৱস্থাত লৈ যায় চিকিৎসালয়লৈ ৷

    কিন্তু ইতিমধ্যে মৃত্যু হয় যুৱকজনৰ ৷ মৃত যুৱকজনৰ নাম ৰুহুল আলী ৷

    প্ৰেমিকাই ফোন কৰি মাতি নিয়াৰ অভিযোগ যুৱকৰ পৰিয়ালৰ৷ প্ৰেমিকাৰ আত্মীয়ই হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে যুৱকজনৰ পৰিয়ালৰ লোকে ৷

    ইতিমধ্যে ডবকা থানাত দাখিল কৰা হৈছে এজাহাৰ ৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এজনক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে।

    Input- Sohidul Alom

    আৰু পঢ়ক : ফোন কৰি মাতি নিছিল নিশা, পুৱা নিথৰ মৃতদেহ বস্তাত বান্ধি থোৱা অৱস্থাত নদীত উদ্ধাৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং