24 C
Guwahati
Tuesday, September 27, 2022
More

    ৭৫ বছৰে ধৰি অসমত বাস কৰা এটা ফ্ৰান্সৰ পৰিয়াল…

    ৭৫ বছৰে ধৰি অসমত বাস কৰা এটা ফ্ৰান্সৰ পৰিয়াল…যি বৰ্তমানে হাড়ে-হিমজুৱে প্ৰকৃত অসমীয়া। ৰঙালী বিহুৰ পৰা কাতি বিহু, মাঘ বিহু এতিয়া তেওঁলোকৰে বাপতি সাহোন।

    ভাৰতৰ স্বাধীনোত্তৰ কালৰ এক স্বৰ্ণিল ইতিহাস বহন কৰা টীয়কৰ এখন ঐতিহাসিক স্থান জাঁজীমুখ। দেশৰ স্বাধীনতাৰ ৭৫ টা বছৰৰ পাছতো অসমৰ এটা অঞ্চলৰ ৰাইজে আজিও বুকুত কঢ়িয়াইছে ইংৰাজৰ শাসন কালৰ বহু ইতিহাস ৷

    টীয়কৰ জাঁজীমুখ, ইংৰাজ শাসন কালতে ইংৰাজ সকলে জাঁজীমুখত ব্যৱসায় কৰিবলৈ বিশেষভাৱে মনোনিবেশ কৰিছিল। যাৰ বাবে ব্যৱসায়ত সুবিধা হোৱাকৈ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি চলাইছিল জাহাজো ৷

    সেই সময়তে জাঁজীমুখতেই জাহাজ ৰখাৰ ব্যৱস্থা কৰিছিল ইংৰাজে। সেয়ে ইংৰাজৰ কৰ্মচাৰী হিচাপে ভাৰতলৈ আহিছিল বহু লোক। তাৰেই মাজত আছিল ফ্ৰান্সৰ পৰা অহা ভকলিন। ১৮৬৮ মান চনতে ইংৰাজৰ সৈতে আহিছিল ভকলিন।

    ভকলিনে ইংৰাজৰ জাহাজৰ দায়িত্বত আছিল ৷ সেই সময়ত জাঁজীমুখত জাহাজ ৰখোৱাৰ ব্যৱস্থা আছিল ৷ সেই ভকলিনেই সময়ত অসমীয়া ছোৱালী বিয়া পাতি অসমতেই পৰিয়াল ৰাখি অসমতেই সংস্থাপিত হয় ৷

    পৰৱৰ্তী সময়ত ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত ইংৰাজ সকল অসমৰ পৰা গুচি গ’লেও এই ভকলিন আৰু ভকলিনৰ পৰিয়াল তথা বংশধৰ জাঁজীমুখতেই থাকি যায় ৷

    আজিও সেই “ভকলিনৰ” বংশধৰৰ ১৪ টাকৈ পৰিয়াল জাঁজীমুখত বাস কৰি আছে ৷ যদিও ধৰ্মত আজোককাৰ দিনৰে পৰা খ্ৰীষ্টিয়ান কিন্তু মনত-তেজত অসমীয়া ভাষা সংস্কৃতি ৰীতি নীতি আয়ত্ব কৰি আজিৰ সময়ত এই সকল এজন এজন স্বাভিমানী অসমীয়া।

    Input and Photo – Santi Bora

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং