25.9 C
Guwahati
Sunday, October 17, 2021
More

    কাজিৰঙা উদ্যানত কৰ্তব্যৰত অৱস্থাত মৃত্যু এগৰাকী বনকৰ্মীৰ, পৰিয়ালৰ সন্দেহ

    কাজিৰঙা উদ্যানত কৰ্তব্যৰত অৱস্থাত মৃত্যু এগৰাকী বনকৰ্মীৰ, পৰিয়ালৰ সন্দেহ – কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰী বনাঞ্চলত সংঘটিত হৈছে এক কৰুণ ঘটনা। শনিবাৰে সন্ধিয়া কৰ্তব্যৰত অৱস্থাত এজন স্থায়ী বনকৰ্মীৰ মৃত্যু দেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

    এই ঘটনাটো সংঘটিত হৈছে উদ্যানখনৰ বাগৰি বনাঞ্চলৰ অধীনৰ ডাফলাং বন শিবিৰত।

    ৰহস্যজনকভাৱে মৃত্যুক সাৱটি লোৱা বনকৰ্মীজন হৈছে প্ৰবীন শইকীয়া আৰু তেওঁৰ ঘৰ কুঠুৰিত। শইকীয়াই আত্মহত্যা কৰিব পাৰে বুলিও সন্দেহ প্ৰকাশ কৰিছে কাজিৰঙাৰ বন বিভাগে।

    বনকৰ্মীজনে নিজৰ মাৰণাস্ত্ৰৰে গুলিয়াই আত্মহত্যা কৰা বুলি সন্দেহ বন বিভাগৰ।

    আনহাতে পৰিয়ালৰ ভাষ্য মতে এইয়া আত্মহত্যাৰ ঘটনা নহয়।পৰিয়ালৰ অভিযোগ অনুসৰি বনকৰ্মীজন অত্যাধিক মানসিক চাপত ভুগি আছিল।

    মৃত্যুৰ কিছু সময় পূৰ্বলৈ পত্নীৰ সৈতে কান্দি কান্দি কথা পাতিছিল বুলি প্ৰকাশ পৰিয়ালৰ লোকৰ।

    উল্লেখ্যে যে বাগৰী বনাঞ্চলৰ বনাঞ্চলিক বিষয়াগৰাকীৰ সৈতে বাক বিতণ্ডা হোৱা বুলিও প্ৰকাশ কৰে পৰিয়ালৰ লোকে।

    এতিয়া যিকোনো বিনিময়ত ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে পৰিয়ালৰ লোকে।

    ইনপুট : কিষাণ ছেত্ৰী

    আৰু পঢ়ক : পৰ্ণ ভিডিঅ’ নিৰ্মাণত মোক বলিৰ পঠা সজোৱা হৈছে, ৰাজ কুন্দ্ৰাৰ জামিন বিচাৰি আক্ষেপ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং