বেংগালুৰুৰ এইছএছআৰ লে-আউট এলেকাত সংঘটিত হৈছে গাৰ নোম শিয়ৰি উঠা পথ দুৰ্ঘটনা। এখন দ্ৰুতবেগী বাহনে পদপথৰ থিয় হৈ থকা লোকক প্ৰচণ্ড জোৰে খুন্দা মাৰে। দুৰ্ঘটনাটোত আহত হোৱা ৪ গৰাকী লোকক ততালিকে হাস্পতাললৈ প্ৰেৰণ কৰা হয়।
দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ চালক সুৰাৰ নিচাত থকা বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ। আৰক্ষীয়ে সুৰামত্ত চালকজনক আটক কৰে। চিচিটিভি কেমেৰাত বন্দী হৈ ৰয় এই সমগ্ৰ দুৰ্ঘটনাৰ দৃশ্য।