ভাড়াঘৰত ভুকিছিল এটা কুকুৰে; খঙতে হত্যা কৰিলে ঘৰৰ গৰাকীক

0
888

ভাড়াঘৰত ভুকিছিল এটা কুকুৰে; খঙতে হত্যা কৰিলে ঘৰৰ গৰাকীক, চাৰি বছৰৰ পিছত দিল্লীত গ্ৰেপ্তাৰ

এতিয়া যেন একেইবাৰেই সহজ হৈ পৰিছে হত্যা। কেৱল এটা কুকুৰৰ কাৰণেই হত্যা ঘৰৰ গৰাকীক। কুকুৰে ভুকাৰ কাৰণেই খঙত অগ্নিশৰ্মা হৈ পৰিছিল এজন লোক। যুৱকজনে ঘৰলৈ অহাৰ সময়তে ঘৰটোত থকা কুকুৰটোৱে ভুকিবলৈ আৰম্ভ কৰিছিল আৰু ইয়াৰ পিছতে যুৱক জনে একো নভবাকৈয়ে কুকুৰটোৰ ওচৰতেই থকা ঘৰৰ গৰাকীক হত্যা কৰি পেলাইছিল।

ঘটনাটো আজিৰ পৰা চাৰি বছৰ আগতে সংঘটিত হৈছিল।

চাৰি বছৰ পূৰ্বে ভাৰতীয় যুৱকজনে সাধাৰণ কথাতে অষ্ট্ৰেলিয়াত মহিলা এগৰাকীক নিৰ্মমভাৱে হত্যা কৰি ভাৰতলৈ পলাই আহিছিল। ইয়াৰ পিছতে তেওঁৰ বিৰুদ্ধে ৰেড কৰ্ণাৰ জাননী জাৰি কৰা হৈছিল।

আৰক্ষীয়ে পুৰস্কাৰো ঘোষণা কৰিছিল। অৱশেষত চাৰি বছৰৰ পিছত তেওঁক দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। কিন্তু অনুসন্ধানকাৰীসকলে হত্যাৰ কাৰণ জানি আচৰিত হৈছে।

জেৰাৰ সময়ত ৰাজেন্দ্ৰ সিং নামৰ লোকজনে প্ৰকাশ কৰে যে মহিলাগৰাকীৰ পোহনীয়া কুকুৰটোৱে তেওঁক দেখি খুব ভুকিছিল। সেইবাবেই তেওঁ মহিলগৰাকীক হত্যা কৰিছিল।

উল্লেখযোগ্য যে, ২০১৮ চনত ২৪ বছৰীয়া টয়া কৰ্ডিংলীক অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ডৰ সাগৰৰ পাৰত হত্যা কৰা হৈছিল। হত্যাৰ অভিযোগ ভাৰতীয় যুৱক ৰাজেন্দ্ৰৰ বিৰুদ্ধে উত্থাপিত হৈছিল অভিযোগ। তেতিয়াৰে পৰা ৩৮ বছৰীয়া ৰাজেন্দ্ৰ পলাতক হৈ আছিল।

টয়াৰ হত্যাকাৰীৰ শাস্তিৰ দাবীত অষ্ট্ৰেলিয়াত ব্যাপক প্ৰতিবাদ কৰা হৈছিল।
জেৰাৰ সময়ত আৰক্ষীয়ে জানিব পাৰিছে যে ঘটনাটোৰ দিনা টয়াই তেওঁৰ পোহনীয়া কুকুৰটোৰ সৈতে কুইন্সলেণ্ডৰ ৱাংগেটি বীচলৈ গৈছিল। আনহাতে ৰাজেন্দ্ৰই ঘৰৰ পৰা ওলাওতেই কুকুৰটোৱে ভুকিবলৈ লৈছিল। তেওঁৰ লগত ফল আৰু চুৰি আছিল। ৰাজেন্দ্ৰই সেই চুৰিৰেই মহিলাগৰাকীক হত্যা কৰিছিল।