
৫ দিনীয়া ফেচবুক চিনাকী; মেঘালয়ৰ যুৱতী-উত্তৰ প্ৰদেশৰ যুৱক, মিলিত হয় অসমত, যুৱক ওলাল দেহব্যৱসায়ী
৫ দিনীয়া ফেচবুক চিনাকী; মেঘালয়ৰ যুৱতী-উত্তৰ প্ৰদেশৰ যুৱক, মিলিত হয় অসমত, যুৱক ওলাল দেহব্যৱসায়ী। ফেচবুকৰ জৰিয়তে চিনাকি হৈ প্ৰবঞ্চনা কৰা যুৱকৰ কবলৰ পৰা উদ্ধাৰ হল এগৰাকী যুৱতী।
প্ৰেমৰ জালত ফচাই বহি ৰাজ্যত বিক্ৰী কৰাৰ চক্ৰান্ত ফাদিল কৰিলে আৰক্ষীয়ে । মহানগৰীৰ নুনমাটিৰ ফৰেষ্ট গেটত উদ্ধাৰ এহাল যুৱক- যুৱতী।
কেৱল মাত্ৰ ৫ দিনতেই ফেচবুকত চিনাকি হৈ বহি ৰাজ্যৰ পৰা অহা এহাল যুৱক-যুৱতীক উদ্ধাৰ কৰে মহানগৰ আৰক্ষীয়ে।
মহানগৰীৰ নুনমাটি থানাৰ অন্তৰ্গত ফৰেষ্ট গেটৰ পৰা আটক কৰা যুৱক – যুৱতী হাল হৈছে উত্তৰ প্ৰদেশৰ বাৰানসী ৰ নাছিৰুদ্দিন আনচাৰি(২০) ওৰফে আৰমান খান আৰু যুৱতী গৰাকী(১৭) হৈছে মেঘালয়ৰ তুৰাৰ ।
ইয়াৰে নাছিৰুদ্দিন আনচাৰী দেহ ব্যৱসায়ী চক্ৰৰ লগত জড়িত থকা বুলি আৰক্ষীয়ে দাবী কৰিছে। ইতিমধ্যে ধৃত আনচাৰিয়ে উত্তৰ পূৰ্বাঞ্চলৰ বহু যুৱতীক বহিঃ ৰাজ্যৰ বেশ্যালয়ত বিক্ৰী কৰা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।
উল্লেখ্য যে উত্তৰ প্ৰদেশৰ বানাৰাসৰ বাসিন্দা নাছিৰুদ্দিন আনচাৰী ওৰফে আৰমান খানে ৫দিন পূৰ্বে ফেচবুকৰ জৰিয়তে মেঘালয়ৰ তুৰাৰ যুৱতী গৰাকীৰ লগত চিনাকি হৈ প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলে । ফেচবুকৰ জৰিয়তে নাছিৰুদ্দিন আনচাৰিয়ে যুৱতী গৰাকীৰ ফোন নম্বৰ সংগ্ৰহ কৰি বিয়াৰ প্ৰলোভন দি গুৱাহাটী ৰেল ষ্টেচন লৈ আহিবলৈ যুৱতী গৰাকীক কয় ।
সেই মতে যুৱতী গৰাকী গুৱাহাটী ৰেল ষ্টেচন লৈ আহি প্ৰেমিক নাছিৰুদ্দিন আনচাৰিক সাক্ষাৎ কৰে। প্ৰেমিক যুৱক জনে কৌশলৰে যুৱতী গৰাকীক নাৰেঙ্গীৰ ফৰেষ্ট গেটলৈ লৈ আনে। নাৰেঙ্গীলৈ অহাৰ পিছত যুৱতী গৰাকী য়ে প্ৰেমিক জন এজন ভণ্ড যুৱক বুলি ধৰা পেলাই ৰাজপথত কান্দিবলৈ আৰম্ভ কৰে ।
ঘটনাটো স্থানীয় ৰাইজে প্রত্যক্ষ কৰি যুৱতী গৰাকীক সোধা পোছা কৰাত সকলো কথা ওলাই পৰে । আনকি স্থানীয় ৰাইজে যুৱক জনক সোধা পোছা কৰাত ৰাইজক বিভ্ৰান্তি কৰে।
যুৱক জনৰ চাল চলনত সন্দেহ উপজাত ৰাইজে প্ৰেমিক – প্ৰেমিকা হালক নুনমাটি আৰক্ষীক গতাই দিয়ে। নুনমাটি থানাৰ আৰক্ষীয়ে তদন্ত কৰাৰ অন্তত প্ৰেমিক – প্ৰেমিকা হালক মেঘালয়ৰ তুৰা থানাৰ আৰক্ষীক গতাই দিয়ে।
আৰক্ষীয়ে তুৰা থানাত এটা মানৱ সৰবৰাহকাৰী গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।
Input and Photo- Jayanta Das
আৰু পঢ়ক : প্ৰধানমন্ত্ৰী মোদীক উপহাৰ দিয়া লাভলীনাৰ পদকজয়ী গ্লাভছযোৰৰ নিলাম মূল্য উঠিছে ১.৯২ কোটিলৈ