
স্বাস্থ্য বিভাগত চাকৰি দিব বুলি ৪০ জনৰ পৰা টকা আদায়, ২৭ জনক মাতিছিল হোটেললৈ, অৱশেষত আটক দম্পতি। মহানগৰীৰ গড়চুকৰ হোটেল পৰশুৰামত মহানগৰ আৰক্ষীৰ আজি এক অতৰ্কিতে অভিযান চলিছিল।
সেই অভিযানতে আৰক্ষীৰ হাতত আটক এহাল প্ৰৱঞ্চক দম্পতি। স্বাস্থ্য বিভাগত বহু লোকক বিভিন্ন চাকৰি দিয়াৰ নামত প্ৰৱঞ্চনা কৰিছিল দম্পতিহালে।
যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্ত (Joint commissioner of police Partha Sarathi Mahanta) ই জনোৱা অনুসৰি প্ৰায় ১০০ জন মান লোকৰ পৰা টকা আদায়ৰ চেষ্টা দম্পতি হালৰ। ইতিমধ্যে বহুতৰে পৰা ২০ হাজাৰৰ পৰা ৫০ হাজাৰ, ১ লাখ তথা আঢ়ৈ লাখ পৰ্যন্ত টকা আদায় কৰা বুলি জনাই।
কোনো ত্ৰৈলোক্য শইকীয়া নামৰ এগাৰকী লোক এই ভুৱা কাণ্ডৰ মূল ব্যক্তি বুলি জানিবলৈ দিয়ে পাৰ্থ সাৰথি মহন্তই। প্ৰতিগৰাকীৰে পৰা ৩ লাখকৈ টকা লোৱাৰ চেষ্টা দম্পতিহালৰ।
স্বাস্থ্য বিভাগৰ চাকৰি দিম বুলি দম্পতিহালে আজি প্ৰায় ২৭ জনকৈ যুৱক-যুৱতীক মাতি আনিছিল হোটেল খনলৈ। নিজকে স্বাস্থ্য বিভাগৰ লোক বুলি পৰিচয় দিছিল স্বামী-স্ত্ৰী হালে।
স্বাস্থ্য বিভাগত চাকৰি দিয়াৰ নামত বহুতকে দিছিল প্ৰলোভন। ভুৱা নিযুক্তি পত্ৰও প্ৰদান কৰিছিল বুলি জানিব পৰা গৈছে বিশেষ সূত্ৰে। কাৰোবাক যদি ছুপাৰভাইজাৰ কাৰোবাৰ বৰ্তমানেও কি পদ হব সেয়া পিছলৈ থিক কৰা হব বুলি কৈ টকা আদায় কৰি ভুৱা নিযুক্তি পত্ৰ প্ৰদান কৰিছিল।
Director of Healtht-ত চাকৰি দিয়াৰ নামত মুকলি বেহা পাতিছিল মহানগৰৰ গড়চুকৰ পৰশুৰাম হোটেলৰ তৃতীয় মহলাত। আৰক্ষীয়ে চলোৱা অভিযানত স্বামী-স্ত্ৰীৰ লগতে অন্য এজনো মুঠ তিনিজনক হাতেলোটে আটক কৰিছে বুলি জানিব পৰা গৈছে।
লগতে ইয়াতো জানিব পৰা গৈছে যে, প্ৰায় ১০০ জন মান লোকৰ ভিতৰত ইতিমধ্যে ৪০ জনতকৈ অধিক লোকে চাকৰি পোৱাৰ আশাত দম্পতিহালক দিছে ২০ হাজাৰৰ পৰা আঢ়ৈ লাখ টকা দিছে।
গড়চুক আৰক্ষীয়ে খবৰ পাই অতৰ্কিতে অভিযান চলাইছিল হোটেলখনত। অৱশ্যে বৰ্তমানলৈ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কোনো বিশেষ তথ্য সদৰি কৰা নাই, সোধপোছ আৰু অভিযান চলি থকাৰ কথাই ব্যক্ত কৰে।
আৰু পঢ়ক : অস্থিৰতা সৃষ্টিৰ লক্ষ্যৰে সীমান্ত পাৰ হোৱা এজন সন্ত্ৰাসবাদীক গুলীয়াই হত্যা