
ধুমধামৰে চলিছে বিয়াৰ আয়োজন। অতিথিৰে ভৰি আছে ৰভাৰ থলী। নিশা দহ বজাত বিয়াৰ লগ্ন আছে। সকলো ব্যস্ত বিবাহ কাৰ্যক লৈ। কিন্ত ক্ষন্তেকতে সকলো ওলট পালট হৈ গ’ল । দৰা নাহোতেই সমাপ্তি ঘটিল বিয়াৰ সকলো কাৰ্যসূচীৰ। ঘটনাটো কামপুৰৰ কলাইখোৱাৰ।
কামপুৰৰ কলাইখোৱাত গোপাল নাথ নামৰ লোকজনে প্ৰায় ১৪ বছৰীয়া নিজ কন্যাক যমুনামুখৰ কুঁহিমাৰিৰ বিপ্লৱ নাথ নামৰ এজন যুৱকলৈ বিয়া দিবলৈ লওতেই স্থানীয় লোকৰ খবৰৰ ভিত্তিত বিবাহস্থলীত চাইল্ড লাইন উপস্থিত হৈ বিবাহৰ সকলো কাৰ্যসূচী বন্ধ কৰি দিয়ে। বৰ্তমান চুক্তি সাপেক্ষে কিশোৰীগৰাকীৰ উপযুক্ত বিবাহৰ বয়স নোহোৱালৈকে পিতৃগৃহতে ৰখাৰ প্ৰতিশ্ৰুতি আদায় কৰি লোৱা হৈছে।