পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকক হত্যাৰ ঘটনা

কৰ্মসংস্থাপনৰ বাবে চেন্নাইলৈ যোৱা খুমটাইৰ ১ নং পতিয়া পথাৰৰ যুৱক বীৰেন কুৰ্মী হত্যাৰ বলি

0
59

পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকক হত্যাৰ ঘটনা ৷ কৰ্মসংস্থাপনৰ বাবে চেন্নাইলৈ যোৱা খুমটাইৰ ১ নং পতিয়া পথাৰৰ ৰোষেশ্বৰ কুৰ্মীৰ পুত্ৰ বীৰেন কুৰ্মীক (৩৭) হত্যা সতীৰ্থৰ ৷

যাৰ পৰিপ্ৰেক্ষিতত পৰিয়ালৰ লোকে প্ৰকাশ কৰামতে ৬ জন সতীৰ্থক ইতিমধ্যে চেন্নাইত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ উল্লেখ্য যে চেন্নাইৰ এটা কোম্পানীত কৰ্মৰত আছিল তেওঁ ৷ ভুক্তভোগী পৰিয়ালৰ লোকে দোষীৰ উচিত শাস্তি বিচাৰিছে ৷

Photo Credit:@rajibkarmakar