প্ৰেমিকাক বিচাৰি ৰাজস্থানৰ প্ৰেমিক পালেহি অসম, নাই প্ৰেমিকাৰ সন্ধান; যুৱকজনক লৈ সৃষ্টি কৰ’ণাতংক

ছয়গাঁও উদ্যোগিক বিকাশ কেন্দ্ৰত কৰ্মৰত মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ শ্ৰাৱন্তী বনাই নামৰ ফেচবুকৰ প্ৰেমিকাজনীও বিবাহিতা

0
77

প্ৰেমৰ বাবে ভয় নাই মাৰিবলৈ। সেয়ে ভয় কৰা নাই কৰ’ণা ভাইৰাছক। লকডাউন ঘোষণাৰ দিনাই এজন ৰাজস্থানী যুৱক আহি পালে অসম। ৰে’লযোগে ফেচবুকৰ প্ৰেমিকাক লগ ধৰিবলৈ আহি নামিল ছয়গাঁৱৰ বামুণীগাঁও ৰে’ল ষ্টেচনত। তাৰপিছতে ফেচবুকৰ প্ৰেমিকালৈ ফোন যুৱকজনৰ। ঘটিল মুৰৰ ওপৰত সৰগ পৰা ঘটনা। বন্ধ প্ৰেমিকাৰ ম’বাইল ফোন। কি কৰে ক’লৈ যায়। ঘৰলৈও ঘূৰি যাবলৈ নাই ৰে’ল, নাই বিমান, নাই বাছ। অৱশেষত প্ৰেমিকাৰ বান্ধৱীলৈ ফোন যুৱকজনৰ। যুৱকজনক প্ৰেমিকাৰ বান্ধৱী কেইগৰাকীমানে আনি থাকিবলৈ ভাড়ালৈ ৰূম এটা ঠিক কৰি দিলে বকোৰ কঠালমুৰীত।

কিন্তু কথা ইমানতে শেষ নহ’ল। ভূতৰ ওপৰত দানহ। হঠাৎ কাঁহিবলৈ ধৰিলে যুৱকজনে। হুৱাদুৱা লাগিল। তাতে বহিঃৰাজ্যৰ যুৱক। খবৰ দিয়া হ’ল আৰক্ষীক। খবৰ দিয়া হ’ল চিকিৎসাকৰ্মীক। আহিল আৰক্ষী। আহিল চিকিৎসাকৰ্মী। পৰীক্ষা-নিৰীক্ষা কৰা হ’ল। নাই তেনে কোনো ভয় লগা সংবাদ নাই। আছুতীয়াকৈ থাকিবলৈ দিয়া হ’ল ৰাজস্থানী যুৱকজনক।

এতিয়া ৰাজস্থানৰ গংগা নগৰৰ মনমোহন সিং নামৰ প্ৰেমিকজন বৰ্তমান এটা কোঠাত আৱদ্ধ। ইফালে ছয়গাঁও উদ্যোগিক বিকাশ কেন্দ্ৰত কৰ্মৰত মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ শ্ৰাৱন্তী বনাই নামৰ ফেচবুকৰ প্ৰেমিকাজনীও বিবাহিতা। এই কথাও ইয়ালৈ আহিহে গম পালে মনমোহন সিঙে। প্ৰেমৰ নামত এতিয়া চকুৰে সৰিয়হৰ ফুল দেখিছে মনোমোহন সিঙে।