নিলোৎপলৰ দুৰৱস্থা, ৰাজপথত দুগৰাকী যুৱতীয়ে ধৰি দিলে লপা-থপা। হঠাতে দিনদুপৰতে গোলাঘাটৰ ৰাজপথত লাগিল হৈ চৈ। যি দেখি মানুহ গোট খালে আৰু কাৰণ জানিব পাৰি কিছুৱে হাঁহিৰ খোৰাকো লাভ কৰিলে।
এজন যুৱকক দুগৰাকী যুৱতীয়ে পিন্ধি থকা কাপোৰ ফালি যোৱাকৈ লপা-থপা লগাইছে। চৰ ঘোচাৰে উপৰ্যপুৰি প্ৰহাৰ যুৱকজনক।
পিছে দুয়ো যুৱতীৰ এই আক্ৰমণত কোনো প্ৰতিবাদ কৰিব পৰা নাই যুৱকে ওলোটাই ভিজা মেকুৰীৰ দৰে লেও সেও হৈছে বেচাৰটো।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি নিলোৎপল বৈশ্য নামৰ যুৱকজনে হেনো বন্ধন বেংকত চাকৰি দিয়াৰ নামত ১৫০০ কৈ দুয়োগৰাকী যুৱতীৰ পৰা ৩০০০ টকা লৈছিল।
পিছে টকা লৈ উধাও নিলোৎপলে ফোনো অফ কৰি থয়। প্ৰবঞ্চনাৰে টকা সৰকোৱাৰ পাছত খবৰ নাছিল নিলোৎপলৰ । পিছে আজি দিন বেয়া আছিল। গোলাঘাট নগৰলৈ আহোতে নিলোৎপল হঠাৎ ধৰা পৰিল যুৱতীৰ হাতত আৰু তাৰ পিছৰ দৃশ্য এইয়া।
লোৱা টকা কেইটা ঘুৰাই দিম বুলি এটিএমলৈয়ো যায় পিছে তাতো নোলাল টকা। শেষত আৰক্ষী উপস্থিত হৈ আটক কৰে প্ৰৱঞ্চক নিলোৎপলক। এই ঘটনাই ক্ষন্তেক সময়ৰ বাবে আমোদ দিলে উপস্থিত সকলোকে।

Input and Photo – Rajib Karmakar
আৰু পঢ়ক : ৰঙিয়াৰ বিছেন্নালা গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ! ১৬ লাখ খৰচৰ পিছটো সম্পূৰ্ণ নহ’ল দলঙৰ কাম