তেজপুৰত আৰক্ষীৰ গুণ্ডাগিৰি, বেতেৰে নিৰ্মমভাৱে কোবাই আঘাত প্ৰাপ্ত কৰিলে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰক

0
178
তেজপুৰত আৰক্ষীৰ গুণ্ডাগিৰি, বেতেৰে নিৰ্মমভাৱে কোবাই আঘাত প্ৰাপ্ত কৰিলে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰক

তেজপুৰত আৰক্ষী নিৱেশৰ এগৰাকী আৰক্ষীৰ গুণ্ডাগিৰি। আৰক্ষী গৰাকীৰ নিৰ্মম প্ৰহাৰত গুৰুতৰভাৱে আঘাত প্ৰাপ্ত এজন ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ।

ঘটনাক্ৰমে ১৩ বছৰীয়া ছাত্ৰজনে তেজপুৰৰ আৰক্ষীৰ নিৱেশত চাইকেল চাইকেল চলাই ব্ৰেক মাৰি ধূলি উৰুৱাইছিল । তেনেদৰে ধূলি উৰুওৱা কাৰ্যত ক্ষুব্ধ হৈ আৰক্ষী বিষয়া ৰাইডাঙে প্ৰহাৰ কৰে এইজন ছাত্ৰক।

তেজপুৰত আৰক্ষী নিৱেশৰ সশস্ত্ৰ বাহিনীৰ পৰুদৰ্শক লোহিত ৰাজবংশীয়ে সামান্য কথাতে এনেদৰে প্ৰহাৰ কৰিলে। আৰক্ষীৰজোৱান ধনঞ্জয় দাস আৰু বিনিতা দাসৰ একমাত্ৰ ১৩ বছৰীয়া শিশুটিক প্ৰহাৰ কৰাতেই ক্ষান্ত নাথাকি শিশুটিৰ পিতৃকো আক্ৰমণ কৰে বিষয়াজনে৷ কেৱল এয়াই নহয় পুত্ৰক এইদৰে নিৰ্দয় ভাৱে প্ৰহাৰ কৰাৰ কাৰণ সোধাৰ বাবে মাতৃ বিনিতা দাসকো অশ্ৰাব্য গালি গালাজ কৰে বিতৰ্কিত বিষয়া লোহিত ৰাজবংশীয়ে৷

ছাত্ৰজনক বেত্ৰাঘাত কৰাই নহয় মূৰতো প্ৰহাৰ কৰে বিষয়াজনে ৷ ঘটনা সংক্ৰান্তত ছাত্ৰজনৰ পিতৃয়ে আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে৷ শোণিতপুৰৰ আৰক্ষী অধীক্ষকে বিষয়টো তাৎক্ষণিকভাৱে তদন্তৰ নিৰ্দেশ দিছে। ইফালে আহত ছাত্ৰজনৰ পৰিয়ালে এই সম্পৰ্কত শিশু সুৰক্ষা কল্যাণ সমিতিৰ ওচৰতো এক অভিযোগ দাখিল কৰিছে৷ তাৰ লগে লগে আৰক্ষী বিষয়াজনৰ এনে অভব্য আচৰণক লৈ এতিয়া আৰক্ষী মহলত ব্যাপক চৰ্চা হৈছে৷

আৰু পঢ়ক : নলবাৰীত ভাৰতীয় সেনাবাহিনীৰ ট্ৰাকে মহতিয়ালে এজন শিক্ষকক