আশ্চৰ্যকৰঃ আত্মহত্যা কৰা যুৱকক জীয়াই তুলিলে আৰক্ষীয়ে!

জ্যোতি প্ৰসাদ বৰা এটা হত্যাৰ গোচৰত অভিযুক্ত হৈ যাব্বজীৱন কাৰাবাস খাটি আছিল আৰু ১৯ জুনত ২০ দিনৰ চুটিত ঘৰলৈ আহিছিল। গোটেই জীৱন জেলৰ ভাত খোৱাত কৈ আত্মহত্যা কৰাই ভাল বুলি আত্মহত্যা টোকাটোত উল্লেখ আছিল

0
1412
Photo Credit: Time8
Photo Credit: Time8

কামপুৰত চাঞ্চল্যকৰ ঘটনা, মৃত যুৱকক জীয়াই তুলিলে আৰক্ষীয়ে ৷ পাঁচ মাহৰ আগতে মৃত্যু হোৱা কামপুৰৰ বুঢ়াপতীয়া গাঁৱৰ যুৱক জ্যোতি প্ৰসাদ বৰাক সোঁশৰীৰে ৰহাৰ মহগড়ৰ পৰা গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে ৷ উল্লেখ্য যে যোৱা ৬ জুলাইৰ পুৱাই কামপুৰৰ কপিলী দলংত ASO2A84491 নম্বৰৰ এখন স্কুটাৰ উদ্ধাৰ হয়। স্কুটাৰখনৰ লগতে উদ্ধাৰ হৈছিল আত্মহত্যা টোকা, এটা মদৰ বটল, এযোৰ চেণ্ডেল আৰু এটা চাৰ্ট। আত্মহত্যা টোকাখনৰ পৰা যুৱকজন কামপুৰৰ বুঢ়াপতিয়া গাঁৱৰ জ্যোতি প্ৰসাদ বৰা বুলি চিনাক্ত হয়।

Photo Credit: Time8

জ্যোতি প্ৰসাদ বৰা এটা হত্যাৰ গোচৰত অভিযুক্ত হৈ যাব্বজীৱন কাৰাবাস খাটি আছিল আৰু ১৯ জুনত ২০ দিনৰ চুটিত ঘৰলৈ আহিছিল। গোটেই জীৱন জেলৰ ভাত খোৱাত কৈ আত্মহত্যা কৰাই ভাল বুলি আত্মহত্যা টোকাটোত উল্লেখ আছিল।

Photo Credit: Time8

ইয়াৰ পাছতে স্থানীয়লোকে জ্যোতি প্ৰসাদ বৰাই আত্মহত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰাত নদী আৰক্ষীয়ে কেইবাদিনো কপিলী নদীত অনুসন্ধান চলাই যদিও মৃতদেহ উদ্ধাৰ কৰিব নোৱাৰিলে। আৰক্ষীয়ে সন্দেহ কৰি তদন্ত চলাই শুক্ৰবাৰে ৰহা থানাৰ অন্তৰ্গত মহগড়ৰৰ পৰা জ্যোতি প্ৰসাদ বৰাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷