৬০ দশকতে কলিয়াবৰ মহকুমাৰ অন্তৰ্গত ভালুকজুৰীত এটা জলপ্ৰপাত আৱিষ্কাৰ কৰিছিল শিল্প প্ৰান চন্দ্ৰ ফুকনে।
সেই জলপ্ৰপাটতোৰ জৰিয়তে বিদ্যুৎ উৎপাদন কৰি শিল্প প্ৰান চন্দ্ৰ ফুকনে কলিয়াবৰৰ কুঠৰীৰ বাত পথ ষ্ট্ৰীত লাইতৰ জৰিয়তে পোহৰাই তুলিছিল।
শিল্প প্ৰান চন্দ্ৰ ফুকন মৃত্যু হোৱাৰ পাছৰে পৰা বিদ্যুৎ উৎপাদন প্ৰকল্পটো বিকল হোৱাৰ লগতে জলপ্ৰপাটতো হাবি জংঘলেৰে ভৰি পৰিছিল।
সেই ভালুকজুৰীৰ জলপ্ৰপাটতো সংবাদ মাধ্যমৰ জৰিয়তে পুনৰ পোহৰলৈ অহাত এটিয়া ভিৰ কৰিছেহি বিভিন্ন অঞ্চলৰ ৰাইজে।

ভালুকজুৰী গাঁৱৰ লগতে দাঁতিকাষৰীয়া কেইবাখনো গাওঁৰ ৰাইজে হাতে হাতে দা কোৰ লৈ হাবি জংঘল কাটি পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হিচাপে গঢ়ি তুলিবলৈ চেষ্টা পৰিছে।
আপুনিও যাব পাৰে এই ভালুকজুৰীৰ জলপ্ৰপাত তোলৈ, উপভোগ কৰিব পাৰে প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপুৰ পৰিৱেশৰ মাজত অৱস্থিত এই জলপ্ৰপাটতোৰ নান্দনিক দৃশ্য।
এই ভালুকজুৰীৰ জলপ্ৰপাটতোলৈ যদি যাব বিচাৰে , তেন্তে কলিয়াবৰ মহকুমাৰ, বাগৰিৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা আধা কিলো মিটাৰ মান গলেই এই জলপ্ৰপাটতো পাব পাৰি।
Photo Credit: @dipubora