কাজিৰঙাত উদ্ধাৰ মাতৃৰ পৰা বিচ্ছিন্ন হোৱা এটি কনমাণি গঁড়ৰ পোৱালি

পোৱালিটোক বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ লৈ যোৱা হয়

0
49

কাজিৰঙাত উদ্ধাৰ মাতৃৰ পৰা বিচ্ছিন্ন হৈ পৰা এটা কনমাণি গঁড়ৰ পোৱালি৷ লকডাউনৰ বাবে যানবাহনৰ চলাচল সিমিত হৈ পৰাত কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত বিৰাজ কৰিছে নিৰ্জনতাই৷ যাৰবাবেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বহু বন্যপ্ৰাণীয়ে ঘন জংঘলৰ পৰা ওলাই আহি বিচৰণ কৰিছে ৰাষ্ট্ৰীয় পথটোৰ কাষত।

এনেদৰে বিচৰণ কৰি থকা বন্যপ্ৰাণীৰ মাজতেই বান্দৰডুবি এলেকাত বনকৰ্মীয়ে প্ৰত্যক্ষ কৰে এটি অকলশৰীয়া গঁড় পোৱালি৷ পিছত বনকৰ্মীয়ে পোৱালিটোৰ মাক জনীক বিচাৰখোচাৰ কৰিও কোনো সম্ভেদ নোপোৱাত উৰ্ধতন কৰ্তৃপক্ষক অৱগত কৰে৷ পাছত পোৱালিটোক বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ লৈ যোৱা হয়৷

মাকৰ পৰা বিচ্ছিন্ন হৈ যথেষ্ট চাপত থকা পোৱালিটো সম্প্ৰতি চিকিৎসকে চোৱাচিতা কৰি আছে৷ আনহাতে মাকজনীৰ সন্ধান চলাই আছে বনকৰ্মীয়ে৷ চিকিৎসকৰ মতে সোনকালে মাকজনীৰ সন্ধান ওলালে পোৱালিটো মাকৰ ওচৰত এৰি দিয়া হ’ব৷ অন্যথা পোৱালিটোক বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰতে চোৱাচিতাৰ ব্যৱস্থা কৰা হ’ব৷

উল্লেখ্য যে যোৱা ডিচেম্বৰ মাহত অতি সংকটজনক অৱস্থাত শিৱসাগৰ জিলাৰ কোনো স্থানৰ পৰা উদ্ধাৰ কৰা এটা নাহৰফুটুকী চিকিৎসা কৰি সন্পূৰ্ণ সুস্থ হোৱাৰ পাছত মুকলি কৰি দিয়ে বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰই৷ অতি সংকটজনক অৱস্থাত থকা নাহৰফুটুকীটোক সুস্থ কৰিবলৈ সক্ষম হোৱাৰ বাবে আনন্দিত কেন্দ্ৰটোৰ চিকিৎসক।

Photo Credit:Time8