26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    এগৰাকী আইতাৰ কৰুণ গাঁথা, ৩০ বছৰে বিচাৰি ফুৰিছে পুত্ৰ-কন্যাক

    এগৰাকী আইতাৰ কৰুণ গাঁথা, ৩০ বছৰে বিচাৰি ফুৰিছে পুত্ৰ-কন্যাক। স্বামী- পুত্ৰ-কন্যাৰে ভৰা সংসাৰ আছিল আইতাৰ। পিছে সকলো এৰি অকলে বাস কৰিবলৈ বাধ্য আইতা। মাজুলীত সত্তৰ বছৰীয়া এগৰাকী আইতাৰ কৰুণ গাঁথা।

    মাজুলী নিবাসী আইতাৰ বিহাৰৰ এগৰাকী যুৱকৰ সৈতে বিবাহ হৈছিল। অসমত তাকোতে সকলো থিকেই আছিল পিছে পৰিয়াল লৈ বিহাৰত যোৱাৰ পিছৰে পৰা আইতাৰ ওপৰত অকথ্য নিৰ্যাতন হবলৈ ধৰে। শেষত স্বামীৰ পৰিয়ালে আইতাক অকলে ট্ৰেইনত বহুৱাই অসমলৈ পঠিয়াই দিয়ে।

    বিহাৰৰ গোৰখপুৰ জিলাৰ বাশ গাঁৱত আছে তেওঁৰ পুত্ৰ-কন্যা। মাজুলীৰ পকাজৰা গাঁৱৰ এগৰাকী আইতাৰ জীৱনৰ কৰুণ ঘটনাই চকু সেমেকাই তুলিব সকলোৰে।

    প্ৰায় ছল্লিশ বছৰৰ আগেয়ে মাজুলীৰ পকাজৰা গাঁৱৰ বিশেষ ভাৱে সক্ষম যমুনা পাণ্ডে নামৰ এইগৰাকী আইতাই বিবাহ সূত্ৰে বিহাৰৰ গোৰখপুৰ জিলাৰ বাশ গাৱঁৰ মেৱালাল পাণ্ডে নামৰ ব্যক্তিজনৰ লগত সাংসাৰিক জীৱনৰ পাতনি মেলিছিল যদিও বৰ্তমান পুত্ৰ-কন্যা আৰু স্বামীৰ অবিহনে আইতাই অকলেই জীৱন অতিবাহিত কৰিব লগা হৈছে।

    সেই সময়ত চাকৰিসূত্ৰে লখিমপুৰৰ লীলাবাৰীৰ বিমান বন্দৰত কেৰাণী চাকৰি কৰা মেৱালাল পাণ্ডেৰ সৈতে মাজুলীৰ যমুনা নামৰ আইতাৰ বিবাহপাশত আৱদ্ধ হোৱাৰ পাছত লীলাবাৰীতে কন্যা ইণ্ডিৰাৱতী আৰু পুত্ৰ ৰাধেশ্যামক সন্তান হিচাপে জন্ম দি সংসাৰ গঢ়িছিল যদিও স্বামী মেৱালালৰ চাকৰিৰ বদলি হোৱাত পৰিয়ালটোক বিহাৰৰ ঘৰলৈ লৈ গৈছিল।

    বিহাৰলৈ যোৱাৰ পাছতে আইতাৰ জীৱনলৈ নামি আহিছিল দুৰ্যোগ! স্বামী গৃহত তিনিটা বছৰ পৰিয়ালৰ লোকৰ পৰা মানসিক আৰু শাৰীৰিক নিৰ্যাতন ভোগী এটা সময়ত পৰিয়ালটোৱে অকলসৰে যমুনা পাণ্ডেক অসমৰ ৰেলত উঠাই লখিমপুৰলৈ পঠাই দিয়াৰ দিন ধৰি তেখেতে নিজৰ সন্তান আৰু স্বামীক লগ পোৱা নাই!

    অনাখৰী আইতাই সকলো কথা শুদ্ধৰূপত ক’ব নোৱাৰিলেও টাইম ৮ ৰ কেমেৰাৰ সন্মুখত জীৱনৰ বিয়লি বেলাত পুত্ৰ-কন্যাক লগ পোৱাৰ দুৰ্বাৰ হেঁপাহ প্ৰকাশ কৰিলে।

    বৰ্তমান তেওঁ থকা বাসগৃহৰো তথৈবচ অৱস্থা।এটা চৰকাৰী আবাস গৃহ লাভ কৰা হেঁতেন তেওঁ সকাহ পালে হেঁতেন।

    চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা আইতা গৰাকীক কিছু সুবিধা প্ৰদান কৰিবলৈ চৰকাৰলৈ অনুৰোধ জনোৱাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আইতা গৰাকীক পুত্ৰ-কন্যাৰ সৈতে মিলনৰ বাবে বিহাৰ চৰকাৰৰ সৈতে যোগাযোগ কৰি কিছু সুবিধা কৰি দিবলৈ স্থানীয় ৰাইজে অনুৰোধ জনাইছে।

    Input and Photo- Kalpajit Saikia

    আৰু পঢ়ক : দিল্লীৰ ৰাজপথত যৌন আতিশয্যৰ চেষ্টা উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতীক, যুৱতীয়ে ল’লে ৰণচণ্ডী ৰূপ, Viral Video…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং