শিশু ধৰ্ষণৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ড ৭০ বছৰীয়া বৃদ্ধৰ

0
80

শিশু ধৰ্ষণৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ড ৭০ বছৰীয়া বৃদ্ধৰ

ধুবুৰী জিলাৰ তামাৰহাটৰ ধুতুৰামাৰী গাঁৱত সংঘটিত হৈছিল এক মানৱ সমাজক লজ্জাজনক কৰা জঘন্য ধৰ্ষণ কাণ্ডৰ ঘটনা। ৭০ বছৰীয়া এজন বৃদ্ধ লোকৰ কামনাৰ বলি হৈছিল এটি ৮ বছৰীয়া কন্যা শিশু।

উল্লেখযোগ্য যে, ধুবুৰীত শিশু ধৰ্ষণৰ গোচৰত ৭০ বছৰীয়া এই লোক জনক এতিয়া যাৱজ্জীৱন কাৰাদণ্ড দিয়া হৈছে বুলি জানিব দিয়ে। ধুবুৰী জিলা অতিৰিক্ত সত্ৰ ন্যায়াধীশ আৰু পকছ’ বিশেষ ন্যায়াধীশ পি কাকতিৰ আদালতৰ এই ৰায়।

আমজাদ আলী নামাৰে এই ধৃত বৃদ্ধজনে ঘৰত কোনো নথকাৰ সুযোগ লৈ সংঘটিত কৰে এই জঘন্য ধৰ্ষণ কাণ্ডৰ ঘটনাটি।

সেই সময়ৰ তামাৰহাট থানাৰ আৰক্ষী বিষয়া জয়ন্ত দাসে উক্ত জঘন্য কাণ্ডৰ তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিছিল আদালতত। এই জঘন্য ঘটনাৰ আজিৰ আদালতৰ ৰায়ৰ পিছত উৎফুল্লিত বিভিন্ন দল–সংগঠন।