কৰ’ণা ভাইৰাছঃ কেৰালাত নিহত ৬৯ বছৰীয়া এজন লোকৰ

কোচী মেডিকেল কলেজত মৃত্যু হয় লোকজনৰ। কেৰালাত এইটোৱেই প্ৰথম মৃত্যুৰ ঘটনা

0
29

কৰ’ণা ভাইৰাছত সংক্ৰমিত হৈ কেৰালাত আজি ৬৯ বছৰীয়া এজন লোকে প্ৰাণ হেৰুৱায়। কোচী মেডিকেল কলেজত মৃত্যু হয় লোকজনৰ। কেৰালাত এইটোৱেই প্ৰথম মৃত্যুৰ ঘটনা। এৰ্ণাকুলম জিলা চিকিত্সা বিষয়া ডাঃ এনকে কুট্টপ্পনে এই বিষয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে স্বাস্থ্য মন্ত্ৰালয়ৰ অনুসৰি কেৰালাত বৰ্তমানলৈ ১৭৩টা ঘটনা পোহৰলৈ আহিছে। স্বাস্থ্য মন্ত্ৰালয়ৰ অনুসৰি আজি পুৱা ৯.৩০ বজালৈ ভাৰতত কৰ’ণা ভাইৰাছ(COVID-19)ৰ ফলত ১৯ গৰাকী লোকৰ মৃত্যু হয়। ইফালে সংক্ৰমিত লোকৰ সংখ্যা ৮৭৩লৈ বৃদ্ধি হৈছে। ইয়াৰ ৭৭৫ গৰাকী লোক চিকিত্সাধীন। ৭৮ গৰাকী লোক সুস্থ হৈ উঠিছে।

বিগত ২৪ ঘণ্টাত ১৪৯টা ঘটনা পোহৰলৈ আহিছে। ইফালে স্বাস্থ্য মন্ত্ৰালয়ৰ অনুসৰি শনিবাৰে পুৱতি নিশা ৩ বজালৈ ভাৰতত মুঠ ঘটনা আছিল ৮৩৪টা। মহাৰাষ্ট্ৰত আটাইতকৈ অধিক লোকৰ আক্ৰান্ত হৈছে। ৰাজ্যখনত ৰোগীৰ সংখ্যা হ’ল ১৮০ গৰাকী।

কৰ’ণাক লৈ ৰাইজৰ মাজত সতৰ্কতা বিয়পাবলৈ ‘কৰ’ণা হেলমেট’ প্ৰস্তুত কৰিলে

চেন্নাইত আৰ্টিষ্ট গৌতমে কৰ’ণাক লৈ ৰাইজৰ মাজত সতৰ্কতা বিয়পাবলৈ ‘কৰ’ণা হেলমেট’ প্ৰস্তুত কৰিলে।

Photo credit: deccanherald.com